ন্যায় পালে ধেমাজিৰ হাবুং চাহ ফেক্টৰীৰ শ্ৰমিক ফণীধৰ কলিতাই। শ্ৰমিকজনে লাভ কৰিলে ১৩ লাখ ৮৮ হাজাৰ ১২৫ টকাৰ চেক। চিৰ জীৱনৰ বাবে ঘূণীয়া হৈ পৰা শ্ৰমিকজনে ব্যক্ত কৰিলে মনৰ অনুভৱ৷ তেওঁ লাভ কৰা ধনৰে কিছু টকা ফিক্সড ডিপ’জিট কৰাৰ লগতে পৰিয়াল চলাবলৈ ভাতৃক এখন গাড়ী কিনি দিয়াৰ পৰিকল্পনা কৰিছে শ্ৰমিকজনে।
মইনা নায়ক কাণ্ডৰ পিছতেই অনুৰূপ এক ঘটনাই জোকাৰি গৈছিল ধেমাজিক৷ ধেমাজি সদৰ আৰক্ষী থানাৰ অন্তৰ্গত হাবুং টি ইণ্ডাষ্ট্ৰী ফেক্টৰীত বিগত ৩১ জুলাইৰ নিশা চাহ ফেক্টৰীত কৰ্মৰত হিলৈপৰা গাঁৱৰ ফণীধৰ কলিতা নামৰ শ্ৰমিকজনে ফেক্টৰীত কাম কৰি থকাৰ অৱস্থাত আকস্মিকভাৱে মেচিনত সোমাই পৰে বাওঁভৰি৷ শ্ৰমিকজনৰ চিৎকাৰত মেচিনটো বন্ধ কৰি দিয়া যদিও দুৰ্ভাগ্যবশতঃ শ্ৰমিকজনৰ বাওঁ ভৰিখন ক্ষত–বিক্ষত হৈ পৰে৷
পৰৱৰ্তী সময়ত ততালিকে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ নি চিকিৎসা কৰোৱা হয়৷ শ্ৰমিক ফণীধৰ কলিতাই চিৰজীৱনৰ বাবে হেৰুৱাব লগীয়া হয় নিজৰ বাওঁ ভৰিখন৷ শ্ৰমিকজনে তৰা গোচৰৰ ভিত্তিত তেওঁৰ ন্যায়ৰ বাবে সংবাদ মাধ্যমে সবিস্তাৰে ধাৰাবাহিক ভাৱে বাতৰি সম্প্ৰচাৰিত কৰিছিল।
যোৱা তিনিমাহ ধৰি যথেষ্ট অভাৱ অনাটনৰে চলি অৱশেষত ফণীধৰ কলিতাক জিলা শ্ৰম বিষয়া ড° ভৱজিৎ দলেই নিজ বাসগৃহত তুলি দিলে ১৩ লাখ ৮৮ হাজাৰ ১২৫ টকাৰ চেক।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|