• Home
  • »
  • News
  • »
  • assam
  • »
  • গোগামুখত গুলীচালনা কৰি ডকাইতি, দুটা পিষ্টল-১২ জাঁই গুলীসহ ৫জন আৰক্ষীৰ জালত

গোগামুখত গুলীচালনা কৰি ডকাইতি, দুটা পিষ্টল-১২ জাঁই গুলীসহ ৫জন আৰক্ষীৰ জালত

১৩ নবেম্বৰত সংঘটিত এই ঘটনাৰ লগত জড়িত পাঁচজন যুৱকক ধেমাজিৰ গোগামুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷

১৩ নবেম্বৰত সংঘটিত এই ঘটনাৰ লগত জড়িত পাঁচজন যুৱকক ধেমাজিৰ গোগামুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷

১৩ নবেম্বৰত সংঘটিত এই ঘটনাৰ লগত জড়িত পাঁচজন যুৱকক ধেমাজিৰ গোগামুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷

  • Share this:
যোৱা ১৩ নৱেম্বৰত দীপান্বিতাৰ দিনা ধেমাজিৰ গোগামুখত সন্ধিয়া প্ৰায় ৭.৪৫ বজাত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল। গোগামুখ আৰক্ষী থানৰ পৰা ১০০ মিটাৰ দূৰৰ RR Millৰ সন্মুখত ৰখাই ঠোৱা এখন ৪০৭ মিনি ট্ৰাকৰ চালকক গুলীয়াই  দুৰ্বৃত্তই লৈ গৈছিল প্ৰায় চাৰি লাখ টকা। দুৰ্বৃত্তৰ গুলীত গুৰুতৰভাৱে আহত হৈছিল মিলন হাজং নামৰ গাড়ী চালকজন৷ এই ঘটনাৰ এটা সপ্তাহৰ ভিতৰত ধেমাজি আৰক্ষীয়ে আৰম্ভ কৰিছিল এক বিশেষ অভিযান। তাৰ পিছত আৰম্ভ হৈছিল গোগামুখ আৰক্ষীৰ তদন্তকাৰী বিষয়াসকলৰ ব্যাপক তদন্ত ৷

১৩ নবেম্বৰত সংঘটিত এই ঘটনাৰ লগত জড়িত পাঁচজন যুৱকক ধেমাজিৰ গোগামুখ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ গোগামুখ থানাৰ অ’চি কুলদীপ গগৈ, চি আই সুশীল কুমাৰ ভূঞাৰ নেতৃত্বত চলোৱা অভিযানত এতিয়ালৈকে ঘটনাটোত জড়িত পাঁচজন যুৱক ক্ৰমে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিকৰ উপ-সভাপতি মৃদুল শইকীয়া, ১৩নং অসম এপিবিএনৰ কনিষ্টবল প্ৰাঞ্জল কুমাৰ হাজং, কপিল পাঠক, বিলিফাং বসুমতাৰী আৰু মাইকেল ডেকাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

ধেমাজি আৰক্ষী অধীক্ষক ধনঞ্জয় ঘানাৱটে জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আয়োজন কৰা এক সংবাদমেলত উক্তদিনা নিশা প্ৰায় ৮ বজাত এজন ব্যৱসায়ীৰ পৰা গুলীচালনা কৰি চাৰি লাখ টকা ডকাইতি কৰি মিলন হাজং নামৰ এজন যুৱকক গুলীয়াই আহত কৰা ঘটনাৰ লগত জড়িত ঘটনাৰ মূল মাষ্টাৰমাইণ্ড কপিল পাঠকক গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন চাৰিজনকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা বুলি কয়৷

আৰক্ষীয়ে দুটা পিষ্টল, ১৪ জাঁই গুলী, এটা পুতলা পিষ্টল, ১.৩০ লাখ নগদ ধন, পাঁচটা ম’বাইল, চাৰিখনকৈ এটিএম আৰু অব্যৱহৃত মবাইল ছিম উদ্ধাৰ কৰা উপৰি এআৰ ০১ এল ৯৫৫৩ নম্বৰৰ এখন গ্ৰেণ্ড আই-১০ গাড়ী, এএছ ০৭ এম ৮৪২৫ নম্বৰৰ এখন পালছাৰ মটৰ চাইকেল উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে ৷

দলটোৱে গুলীচালনাৰে ডকাইতি সংঘটিত কৰি উক্ত দিনা জয়ৰামপুৰৰ নিজা ঘৰত ছুটিত থকা ১৩নং এপিবিএনৰ কনিষ্টবল প্ৰাঞ্জল হাজঙৰ ঘৰত টকাসহ পিষ্টল লুকুৱাই ৰাখিছিল বুলি আৰক্ষী অধীক্ষকে সদৰী কৰে সংবাদমেলত৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি