দেশ মাতৃৰ বাবে চৰম ত্যাগ কৰি চিৰদিনৰ বাবে আঁতৰি গ’ল ধেমাজিৰ মৃত্যুঞ্জয়। বুধবাৰে কাশ্মীৰৰ গান্দৰবল জিলাৰ তৌহিদ চ’কত এটা চি আৰ পি এফৰ দলে পহৰা দি থকা অৱস্থাত সন্ত্ৰাসবাদীয়ে চিআৰপিএফৰ তহলদাৰী দলটোলৈ লক্ষ্য কৰি গ্ৰেণেড নিক্ষেপ কৰিছিল। আৰু ঘটনাত গুৰুতৰ ভাবে আহত হৈছিল ধেমাজিৰ মৃত্যুঞ্জয় চুতীয়া।
পিছত জোৱান জনক চিকিৎসালয়লৈ নিয়া হৈছিল যদিও চিকিৎসাধীন অৱস্থাতেই বৃহস্পতিবাৰে মৃত্যুক সাৱটি লয়। শনিবাৰে ধেমাজিৰ নিজ ঘৰখনলৈ লৈ অনা হ’ব মৃত্যুঞ্জয় চুতীয়াৰ মৃতদেহ।
২০১৭ চনত মৃত্যুঞ্জয়ে যোগ দিছিল চিআৰপিএফত। সৰুৰে পৰাই প্ৰচূৰ মেধা সম্পন্ন মৃত্যুঞ্জয় চুতীয়াই হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ চিলাপথাৰ কনিষ্ঠ বিজ্ঞান মহাবিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত প্রথম বিভাগত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত মৰিধল মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে মৃত্যুঞ্জয়ে। উচ্চ শিক্ষা গ্ৰহণৰ ইচ্ছা থকাৰ পিছতো ঘৰৰ আৰ্থিক অৱস্থা সুস্থিৰ নোহোৱাৰ বাবে মনৰ আশা মনতে ৰৈছিল মৃত্যুঞ্জয় চুতীয়াৰ। আৰু কম বয়সতে ঘৰৰ সকলো দায়িত্ব কান্ধ পাতি লৈ যোগ দিছিল চি আৰ পি এফত।
পুত্ৰৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছৰে পৰা পিতৃ ছবিলাল চুতীয়া আৰু মাতৃ চন্দ্ৰিকা চুতীয়াৰ চকুত এতিয়া কেৱল চকুপানী। ধেমাজিবাসীয়েই নহয়, অসমবাসীয়ে কান্দিছে এই অসমৰ বীৰ জোৱানজনৰ মৃত্যুত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও বীৰ জোৱানজনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|