আজি ধেমাজি বিস্ফোৰণৰ চূড়ান্ত ৰায় দিব আদালতে

News18-Assam
Updated:July 4, 2019, 8:39 AM IST
আজি ধেমাজি বিস্ফোৰণৰ চূড়ান্ত ৰায় দিব আদালতে
২০১১ চনত এই ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰিছিল আৰক্ষীয়ে।

২০১১ চনত এই ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰিছিল আৰক্ষীয়ে।

  • Share this:
আজি ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতে প্ৰদান কৰিব ধেমাজি কাণ্ডৰ চূড়ান্ত ৰায়। ১৫ বছৰ পূৰ্বে ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত আলফাই সংঘটিত কৰিছিল ভয়ংকৰ বিস্ফোৰণ। ২০০৪ চনৰ ১৫ আগষ্টত সংঘটিত কৰিছিল এই কূটাঘাত। এই বিস্ফোৰণত প্ৰাণ গৈছিল ১০টি শিশুসহ ৩ গৰাকী মহিলাৰ। স্বাধীনতা দিৱসৰ উদযাপনথলীতে আলফাই চলাইছিল এই নৰসংহাৰ।

২০১১ চনত এই ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰিছিল আৰক্ষীয়ে। চাৰ্জশ্বীটত আছিল ১৫ অভিযুক্তৰ নাম। চাৰ্জশ্বীটত নাম থকা অভিযুক্তসকল যতীন দুৱৰী ওৰফে ৰংমন, লীলা খান, দীপাঞ্জলি গোঁহাই, মুহি সন্দিকৈ, প্ৰশান্ত ভূঞা, মোহন চুতীয়া, চন্দ্ৰ নাথ গগৈ, হেমেন গগৈ, গোবিন কলিতা, জয় চন্দ্ৰ চুতীয়া, অপ্সৰা বৰুৱা, জয়া চুতীয়া, জিতেন চুতীয়া, মীন বৰুৱা আৰু ৰছিদ ভৰালী। ৫৫গৰাকী সাক্ষীয়ে সাক্ষ্যদান কৰিছিল গোচৰটোৰ।

এই ঘটনাৰ ৫ বছৰ পিছত দুখ প্ৰকাশ কৰিছিল আলফাৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই। ২০ জুনত গোচৰটোৰ চূড়ান্ত ৰায়দানৰ দিন আছিল। ধেমাজি বাৰ এছ’চিয়েচনৰ সম্পাদক  ঘনশ্যাম লাহনৰ মৃত্যুৰ বাবে স্থগিত ৰখা হৈছিল ৰায়।
First published: July 4, 2019, 8:39 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading