ধেমাজি বিস্ফোৰণৰ ৰায়দান, ৬জনক দোষী সাব্যস্ত আদালতৰ

২০০৪ চনৰ ১৫ আগষ্টত আলফাই সংঘটিত কৰিছিল বিস্ফোৰণ। এই বিস্ফোৰণত প্ৰাণ গৈছিল ১০টি শিশুসহ ৩ গৰাকী মহিলাৰ।

news18assam
Updated:July 4, 2019, 11:33 AM IST
ধেমাজি বিস্ফোৰণৰ ৰায়দান, ৬জনক দোষী সাব্যস্ত আদালতৰ
২০০৪ চনৰ ১৫ আগষ্টত আলফাই সংঘটিত কৰিছিল বিস্ফোৰণ। এই বিস্ফোৰণত প্ৰাণ গৈছিল ১০টি শিশুসহ ৩ গৰাকী মহিলাৰ।
news18assam
Updated: July 4, 2019, 11:33 AM IST
সুদীৰ্ঘ ১৫ বছৰৰ মূৰত ধেমাজি বিস্ফোৰণৰ চূড়ান্ত ৰায় প্ৰদান কৰিলে আদালতে। ৬জন অভিযুক্তক দোষী সাব্যস্ত কৰিলে ধেমাজি জিলা ও সত্ৰ ন্যায়াধীশৰ আদালতে। আন ৮জনক দোষমুক্ত ঘোষণা কৰে আদালতে। মুঠ ১৫জনৰ বিৰুদ্ধে আৰক্ষীয়ে দাখিল কৰিছিল চাৰ্জশ্বীট। ইয়াৰ ভিতৰত এজন অভিযুক্তৰ মৃত্যু হৈছিল।

দোষী সাব্যস্ত হ’ল যতীন দুৱৰী, লীলা খান, দীপাঞ্জলি গোঁহাই, মুহি সন্দিকৈ, প্ৰশান্ত ভূঞা আৰু হেমেন গগৈ। আনহাতে আদালতে দোষমুক্ত ঘোষণা কৰিলে জয়া চুতীয়া, মীন বৰুৱা, জিতেন চুতীয়া, অপ্সৰা বৰুৱা, গোবিন কলিতা, জয়চন্দ্ৰ চুতীয়া, চন্দ্ৰনাথ গগৈ আৰু মোহন চুতীয়াক।


২০০৪ চনৰ ১৫ আগষ্টত আলফাই সংঘটিত কৰিছিল বিস্ফোৰণ। এই বিস্ফোৰণত প্ৰাণ গৈছিল ১০টি শিশুসহ ৩ গৰাকী মহিলাৰ। স্বাধীনতা দিৱসৰ উদযাপনথলীতে আলফাই চলাইছিল এই নৰসংহাৰ।

২০১১ চনত এই ঘটনাৰ চাৰ্জশ্বীট দাখিল কৰিছিল আৰক্ষীয়ে। চাৰ্জশ্বীটত আছিল ১৫ অভিযুক্তৰ নাম। ২০ জুনত গোচৰটোৰ চূড়ান্ত ৰায়দানৰ দিন আছিল যদিও আদালতে স্থগিত ৰাখিছিল ৰায়। ধেমাজি বাৰ এছ’চিয়েচনৰ সম্পাদক  ঘনশ্যাম লাহনৰ মৃত্যুৰ বাবে স্থগিত ৰখা হৈছিল ৰায়।
আৰু চাওক পৰৱৰ্তী বাতৰি