ধেমাজিৰ শোকাৱহ পথ দুৰ্ঘটনাঃ ৪৮ ঘণ্টাৰ পিছত গেলুৱা নৈত উদ্ধাৰ চালকৰ মৃতদেহ

ঘটনাস্থলীৰ পৰা পাঁচ কিলো মিটাৰ দুৰত্বত উদ্ধাৰ হৈছে মনোৰঞ্জন মাহাতুৰ মৃতদেহ।
ঘটনাস্থলীৰ পৰা পাঁচ কিলো মিটাৰ দুৰত্বত উদ্ধাৰ হৈছে মনোৰঞ্জন মাহাতুৰ মৃতদেহ।
- News18 Assam
- Last Updated: July 4, 2020, 10:36 AM IST

শুকুৰবাৰে উদ্ধাৰ হয় হৈছিল পিতৃ টংকেশ্বৰ কলিতা আৰু আৰু সৰু কন্যা ৰিকি কলিতাৰ মৃতদেহ।
বৃহস্পতিবাৰে বিয়া খাবলৈ যাওতে গেলুৱা দলঙৰ ৰেলিং ভাঙি নৈত পৰিছিল লখিমপুৰৰ টংকেশ্বৰ কলিতাৰ পৰিয়াল। ঘটনা সংঘটিত হোৱাৰ পিছতে কেইজনমান যুৱকে নদীত জাপ দি মাতৃ আৰু ডাঙৰ কন্যা কুকি কলিতাক জীৱন্তে উদ্ধাৰ কৰে যদিও সন্ধানহীন হৈ পৰিছিল টংকেশ্বৰ কলিতা, সৰু কন্যা ৰিকি কলিতা আৰু গাড়ীখনৰ চালক মনোৰঞ্জন মাহাতু।

বিয়া খাবলৈ গৈ দুৰ্ঘটনাত পতিতি হৈছিল পৰিয়ালটো। ডাঙৰ কন্যা আৰু মাতৃ এতিয়া চিকিত্সাধীন
শুকুৰবাৰে টংকেশ্বৰ কলিতা আৰু কুকি কলিতাৰ মৃতদেহ উদ্ধাৰ কৰা হয়। কিন্তু সন্ধানহীন হৈ আছিল মনোৰঞ্জন মাহাতু। আৰু অৱশেষত আজি পুৱা উদ্ধাৰ কৰা হয় মনোৰঞ্জন মাহাতুৰ মৃতদেহ।