ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰত নিৰ্মাণ কৰিবলগীয়া ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আৰ্থিক অনুদান আগবঢ়ালে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰে।
ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰত নিৰ্মাণ কৰিবলগীয়া ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আৰ্থিক অনুদান আগবঢ়ালে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰে।
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আৰ্থিক অনুদান আগবঢ়ালে যোৰহাটৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰে। ৰাম মন্দিৰ নিৰ্মাণ অভিযানৰ জিলা বিষয়ববীয়া সকলৰ হাতত মাঘৰ পহিলা দিনটোতে ঢেকীয়াখোৱা বৰ নামঘৰ পৰিচালনা সমিতিয়ে অৰিহণা অৰ্পণ কৰে।
এই সন্দৰ্ভত যোৰহাট জিলা সংঘ চালক দেৱানন্দ দেৱগোস্বামীয়ে অৱগত কৰা অনুসৰি, সমগ্ৰ দেশতেই পহিলা মাঘৰ পৰা আৰম্ভ হৈছে ৰাম মন্দিৰ নিৰ্মাণ অভিযানৰ বাবে সমৰ্পন কাৰ্যসূচী। এই অভিযানৰ জৰিয়তে দেশৰ প্ৰতিটো পৰিয়ালৰ পৰা নূন্যতম ১০ টকাকৈ সগ্ৰহ কৰিব আৰু দেশৰ প্ৰতিজন হিন্দুৰ অৰিহণাৰে নিৰ্মাণ হ'ব বহু চৰ্চিত ৰাম মন্দিৰ। যোৰহাট জিলাত এই কাৰ্যসূচীৰ শুভাৰম্ভ ঘটিল ঐতিহাসিক ঢেকীয়াখোৱা বৰননামঘৰৰ পৰাই।'
উল্লেখ্য যে, যোৰহাট জিলা সংঘ চালক দেৱানন্দ দেৱগোস্বামী আৰু ৰাম মন্দিৰ নিৰ্মাণ অভিযানৰ জিলা প্ৰমুখ দেৱজিত খাউণ্ড , ৰাতুল বৰঠাকুৰৰ লগতে বহু কেইগৰাকী সংঘৰ বিষয়ববীয়াই এই কাৰ্যসূচীত অংশ লয়।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|