ভয়ংকৰ দুৰ্ঘটনা! বিজয়া দশমীত প্ৰতিমা বিসৰ্জনস্থলীৰ পৰা উভতি অহা ট্ৰেক্টৰ বাগৰিল ৰাজপথত

News18 Assam | News18-Assam
Updated:October 26, 2020, 11:01 PM IST
ভয়ংকৰ দুৰ্ঘটনা! বিজয়া দশমীত প্ৰতিমা বিসৰ্জনস্থলীৰ পৰা উভতি অহা ট্ৰেক্টৰ বাগৰিল ৰাজপথত
ঢেকিয়াজুলিত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।

ঢেকিয়াজুলিত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা।

  • Share this:
ঢেকিয়াজুলিত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। বিজয়া দশমীৰ সন্ধিয়া তৰাজান নামৰ অঞ্চলত প্ৰতিমা বিসৰ্জন কৰি উভতি অহাৰ পিছত টেক্টৰ বাগৰি মৃত্যুক সাবটিলে এজন যুৱকে ৷ ঢেকিয়াজুলিৰ পানবাৰীৰ শাৰদীয় দুৰ্গোৎসৱ উদযাপন সমিতিৰ প্ৰতিমা বিসৰ্জন কৰিবলৈ যোৱা লোকক কঢ়িয়াই নিয়া টেক্টৰখন পথতে নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰি পৰে। থিতাতে নিহয় হ’ল দীপজ্যোতি ৰাজবংশী (পাপু) নামৰ এজন যুৱক।

ইফালে, ঘটনাত গুৰুতৰ ভাবে আহত হৈছে প্ৰায় ১৫ জন লোক। পিছত ঘটনাস্থলীৰ পৰা আহত লোক কেইজনক উদ্ধাৰ কৰি এম্বুলেন্সৰ সহায়ত ঢেকিয়াজুলিৰ শ্বহীদ মনবৰ নাথ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে দুজন লোক গুৰুতৰ ভাবে আহত হোৱাত  তেজপুৰ চিকিৎসা মহাবিদ্যৰলয়লৈ প্ৰেৰণ কৰা হয়।
Published by: Himangshu Bhuyan
First published: October 26, 2020, 10:57 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading