ঢেকিয়াজুলিৰ মাতৃ-কন্যাৰ হত্যাকাণ্ডৰ চিআইডি তদন্তৰ দাবী বিধায়ক অশোক সিংহলৰ

News18 Assam | News18-Assam
Updated:February 28, 2021, 8:59 AM IST
ঢেকিয়াজুলিৰ মাতৃ-কন্যাৰ হত্যাকাণ্ডৰ চিআইডি তদন্তৰ দাবী বিধায়ক অশোক সিংহলৰ
শনিবাৰে দিনৰ ১২ বজাত বিধায়ক অশোক সিংহল চপাই বালিগাঁৱত উপস্থিত হৈ  ভুক্তভোগী পৰিয়ালৰ কাষত থিয় দিয়ে ৷

শনিবাৰে দিনৰ ১২ বজাত বিধায়ক অশোক সিংহল চপাই বালিগাঁৱত উপস্থিত হৈ  ভুক্তভোগী পৰিয়ালৰ কাষত থিয় দিয়ে ৷

  • Share this:
ৰাজ্য জোকাৰি যোৱা ঢেকিয়াজুলিৰ চপাই বালিগাঁৱৰ মাতৃ-কন্যাক হত্যাকাণ্ডৰ ঘটনাৰ এতিয়াও হোৱা নাই ৰহস্য উদঘাটন৷ ঢেকিয়াজুলিৰ চপাই বালিগাঁৱৰ মাতৃ–কন্যাৰ হত্যাকাণ্ডৰ এসপ্তাহ অতিক্ৰম কৰাৰ পিছতো আৰক্ষীয়ে দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷ আনকি এই ঘটনাৰ হত্যাকাৰী চিনাক্ত কৰাৰ ক্ষেত্ৰত আৰক্ষী-প্ৰশাসন সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷

এই জঘন্য ঘটনাৰ চি আই ডি তদন্তৰ ব্যৱস্থা কৰিবলৈ ঢেকিয়াজুলিৰ বিধায়ক সিংহলে দাবী জনাইছে। উক্ত ঘটনাৰ চি আই ডি তদন্তৰ দাবী জনাই বিধায়ক সিংহলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন পত্ৰ প্ৰেৰণ কৰে ৷ বিধায়ক অশোক সিংঘালে সংবাদমেল পাতি এই কথা প্ৰকাশ কৰি কয় -মুখ্যমন্ত্ৰীয়েও সন্মতি প্ৰকাশ কৰিছে চিআইডি তদন্তৰ৷

শনিবাৰে দিনৰ ১২ বজাত বিধায়ক অশোক সিংহল চপাই বালিগাঁৱত উপস্থিত হৈ  ভুক্তভোগী পৰিয়ালৰ কাষত থিয় দিয়ে ৷ সেইদিনা দুৰ্বৃত্তৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈ চিকিৎসাধীন হোৱাৰ পিছত ঘৰলৈ উভতা কণমানিজনীৰ স্বাস্থ্যৰ বুজ লয় বিধায়ক সিংহলে ৷ তেওঁ স্থানীয় ৰাইজ আৰু ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ লগত মত বিনিময় কৰি এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰে৷

ইয়াৰ পূৰ্বে বিধায়ক সিংহলে তেওঁৰ বাসগৃহত এখন সংবাদমেল আয়োজন কৰি কয়- চপাই বালিগাঁৱৰ হত্যাকাণ্ড এটা সাধাৰণ হত্যাকাণ্ড নহয় ৷ এই হত্যাকাণ্ড মানৱতাক হত্যা কৰা ঘটনা হিচাপে পৰিগণিত হৈছে ৷ গতিকে আৰক্ষী-প্ৰশাসনে যিকোনো পৰিস্থিতিত হত্যাকাৰীক আটক কৰিবই লাগিব বুলি বিধায়ক সিংহলে উল্লেখ কৰে৷

ইপিনে এই ঘটনাত দুৰ্বৃত্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈ চিকিৎসাধীন হোৱা কণমানিজনীৰ চিকিৎসাৰ বাবে বিধায়ক অশোক সিংহলে পঞ্চাশ হাজাৰ টকাৰ সাহায্য আগবঢ়াইছে৷ এই ধনখিনি পৰিয়ালৰ মুৰব্বী মোহন ৰাভাই গ্ৰহণ কৰিছে ৷ আনহাতে, এই ঘটনা সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে  অধিবক্তা ৰাজু দেউৰীৰ নেতৃত্বত গুৱাহাটীৰ সচেতন যুৱকৰ দল এটা শনিবাৰে চপাই বালিগাঁৱত উপস্থিত হয় ৷
Published by: Sanjay Kumar Das
First published: February 28, 2021, 8:59 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি