হিন্দু বাঙালীক সুৰক্ষা দিয়াৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰ খন বদ্ধপৰিকৰ বুলি বিভিন্ন সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি নেতা মন্ত্ৰীয়ে দাবী কৰি আহিছে ৷ বিজেপি চৰকাৰখনৰ এই দাবীৰ সময়তে একাংশ হিন্দু বাঙালীক বিদেশী ন্যায়াধীকৰণে ষড়যন্ত্ৰমূলক ভাবে বিদেশী চিনাক্তকৰণৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে৷
বিদেশী ন্যায়াধীকৰণ আদালতত তিনিবাৰকৈ স্বদেশী ঘোষিত এটা পৰিয়ালৰ তিনিজন লোকক পুনৰ তৃতীয়বাৰৰ বাবে বিদেশী ন্যায়াধীকৰণে প্ৰেৰণ কৰিছে জাননী ৷ ঢেকিয়াজুলি ৰাজহ চক্ৰৰ অন্তৰ্গত বৰছলাৰ বালিজান কছাৰি গাওঁত দুটাকৈ হিন্দু বাঙালী পৰিয়ালক বিদেশী ন্যায়াধীকৰণ আদালতৰ বাৰম্বাৰ জাননী প্ৰেৰণত চৰম হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে ৷
বৰছলাৰ বালিজান কছাৰিৰ হিন্দু বঙালী লোক কাশীনাথ মণ্ডল আৰু তেওঁৰ পুত্ৰ গোবিন্দ মণ্ডলে ২০১৬চনত তেজপুৰ বিদেশী ন্যায়াধীকৰণ আদালত-৩ পৰা ২৩৩/১৫আৰু ২৩২/১৫গোচৰ নং ভিত্তিত জাননী লাভ কৰে ৷ একেদৰে কাশীনাথ মণ্ডলৰ পত্নী নত সুন্দৰী মণ্ডলৰো তেজপুৰ বিদেশী ন্যায়াধীকৰণ আদালত-৩ পৰা ২০১৬ চনত১৪৩/১২ গোচৰ নং ভিত্তিত জাননী লাভ কৰে৷ উক্ত গোচৰৰ ভিত্তিত পৰিয়ালটো বিদেশী ন্যায়াধীকৰণ আদালতত কাষ চপাত গোচৰটোত এবছৰ ভিতৰতে জয়ী হৈ তিনিওকে স্বদেশী ঘোষণা কৰে আদালতে ৷
ইয়াৰ পিছত ২০১৮ চনত কাশীনাথৰ কন্যা বাসন্তি মণ্ডলকো গোচৰ নং ২৮৬০/২০১৮ ভিত্তিত তেজপুৰ বিদেশী ন্যায়াধীকৰণ আদালত-৩ পৰা জাননী লাভ কৰে ৷ কন্যা বাসন্তিও দুমাহৰ ভিতৰত আদালৰ পৰা স্বদেশী ঘোষিত হয় ৷ পুনৰ দ্বিতীয়বাৰৰ বাবে কাশীনাথ মণ্ডলে তেজপুৰ বিদেশী ন্যায়াধীকৰণ আদালত-৩ পৰা২২৮৯/১৩ গোচৰ নং ভিত্তিত জাননী লাভ কৰে ৷ কাশীনাথ দ্বিতীয়বাৰ স্বদেশী ঘোষিত হয় আদালত দুমাহৰ পিছত ৷
আনহাতে তৃতীয়বাৰৰ বাবে এতিয়া আকৌ স্বদেশী ঘোষিত কাশীনাথ মণ্ডল আৰু পত্নী নত সুন্দৰী মণ্ডললৈ বিদেশী ন্যায়াধীকৰণ আদালত তেজপুৰ -৩পৰা পুনৰ বিদেশী চিনাক্তকৰণৰ জাননী লাভ কৰাত হতভম্ব হৈছে পৰিয়াটো৷ দিন হাজিৰা কৰা এই হিন্দু বাঙালী পৰিয়ালটো আদালতত দুবাৰকৈ স্বদেশী ঘোষিত হোৱাৰ পিছতো বিদেশী চিনাক্তকৰণৰ নামত বিদেশী ন্যায়াধীকৰণে পুনৰ জাননী প্ৰেৰণ কৰাত বিপদত পৰিছে পৰিয়াটো৷
বাৰম্বাৰ বিদেশীৰ নামত জাননী লাভ কৰি হাৰাশাস্তিৰ সন্মূখীন হোৱাই নহয় সৰ্বস্বান্তও হবলগীয়া হৈছে কাশীনাথ মণ্ডলৰ পৰিয়াল ৷ কেৱল এই পৰিয়াটোৱে নহয় একে খন গাওঁৰে অনিল মণ্ডল আৰু অনিতা মণ্ডল বিদেশী ন্যায়াধীকৰণত দুবাৰকৈ স্বদেশী বুলি ঘোষণা হোৱাৰ পিছতো দুয়োজনে তৃতীয়বাৰৰ বাবে বিদেশীৰ নামত লাভ কৰিছে জাননী ৷
উল্লেখ্য যে, পৰিয়ালৰ ভোটাৰ তালিকাত কোনো “ডি”নাই লগতে NRCৰ চূড়ান্ত তালিকাত পৰিয়ালৰ সকলো সদস্যৰে নাম সন্নিবিষ্ট হৈছে ৷ আধাৰ, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, পান কাৰ্ড, মাটিৰ নথি সকলোৱেই আছে তেওঁলোকৰ৷ ইমানৰ পাছতো এইসকল লোক আদালতত কিমানবাৰ কাষ চাপি নিজকে ভাৰতীয় বুলি প্ৰমান দিব লাগিব তাকলৈ চিন্তিত আৰু ক্ষুব্ধ এই সকল লোক ৷
Published by: Himangshu Bhuyan
FIRST PUBLISHED : June 12, 2022, 13:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।