ঢেকিয়াজুলিৰ এখন বিয়াকলৈ আতংক! কোৰোণাত আক্ৰান্ত হ’ল দৰা-কইনা, একেটা পৰিয়ালৰে ১১জনৰ দেহতো ধৰা পৰিল কোৰোণা ভাইৰাছ

News18 Assam | News18-Assam
Updated:July 18, 2020, 3:40 PM IST
ঢেকিয়াজুলিৰ এখন বিয়াকলৈ আতংক! কোৰোণাত আক্ৰান্ত হ’ল দৰা-কইনা, একেটা পৰিয়ালৰে ১১জনৰ দেহতো ধৰা পৰিল কোৰোণা ভাইৰাছ
বিয়াৰ হোৱাৰ কেইদিনমান পিছতেই চিকিত্‍সালয়ত ভৰ্তি হ’বলগীয়া হ’ল নৱ দম্পতি

বিয়াৰ হোৱাৰ কেইদিনমান পিছতেই চিকিত্‍সালয়ত ভৰ্তি হ’বলগীয়া হ’ল নৱ দম্পতি

  • Share this:
বিয়াৰ হোৱাৰ কেইদিনমান পিছতেই চিকিত্‍সালয়ত ভৰ্তি হ’বলগীয়া হ’ল নৱ দম্পতি। কাৰণ দৰা আৰু কইনাৰ দেহত ধৰা পৰিল কোৰোণাৰ অৱস্থিতি।  শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ঘটনা এইটো। ৪ নং ৱাৰ্ড নিবাসী ৰতন দাসৰ পুত্ৰ ৰাজা দাসৰ যোৱা ২ জুলাইত বিবাহ সম্পন্ন হয় আৰু বিবাহৰ  দুদিন পিছতেই পিতৃ ৰতন দাস অসুস্থ হৈ পৰে। আৰু স্বাস্থ্য পৰীক্ষাৰ অন্তত ৰতন দাসৰ দেহত কোৰোণা ধৰা পৰে। বৰ্তমান ৰতন দাসক তেজপুৰ মেডিকেল কলেজত ভৰ্তি কৰোৱা হৈছে।

ৰতন দাসৰ দেহত কোৰোণা ধৰা পৰাৰ পিছতে পৰিয়ালটোৰ মাজত আতংকই বিৰাজ কৰে।শুকুৰবাৰে স্বাস্থ্য বিভাগে পৰিয়ালৰ সদস্য সকলকে ধৰি ৰান্ধনী, চাফাই কৰ্মীক তৎকালীন ভাৱে স্বাৱ পৰীক্ষা কৰোৱাত ১১ জনকৈ লোকৰ দেহত ধৰা পৰে কোৰোণাৰ অৱস্থিতি। ইয়াৰে ১০জন একেটা পৰিয়ালৰে সদস্য।

এতিয়া বিয়াখনৰ পৰাই ঢেকিয়াজুলিত কোৰোণাৰ ভয়াৱহ সামাজিক সংক্ৰমণ হোৱাৰ  আশংকাই দেখা দিছে। বৰ্তমান প্ৰশাসনে ঢেকিয়াজুলিৰ ৪নং ৱাৰ্ডক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে।
Published by: Himangshu Bhuyan
First published: July 18, 2020, 3:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading