নখত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি অসম বুক অৱ ৰেকৰ্ডৰ খিতাপ ঢেকিয়াজুলিৰ চন্দনজ্যোতিৰ

চন্দনজ্যোতি এতিয়া ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্থান লাভৰ বাবে প্ৰস্তুতি চলাই আহিছে।
চন্দনজ্যোতি এতিয়া ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত স্থান লাভৰ বাবে প্ৰস্তুতি চলাই আহিছে।
- News18 Assam
- Last Updated: October 9, 2020, 8:38 PM IST
শিল্পকৰ্মত জড়িত চন্দনজ্যোতি শৰ্মাই শেহতীয়াকৈ হাতৰ আঙুলিৰ নখত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ লগতে আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যৰ প্ৰতিচ্ছবি অংকন কৰিছে৷ ইমানেই নহয়, ওলোটাকৈও যিকোনো ছবি আঁকি ব্যতিক্ৰমী শিল্পীৰ পৰিচয় দাঙি ধৰা চন্দনজ্যোতিয়ে পেলনীয়া কাগজৰে আটক ধুনীয়াকৈ মুখা নিৰ্মাণ, আপোনাক-মোক সন্মুখত থিয় কৰাই মাত্ৰ ১৫ মিনিট সময়ৰ ভিতৰত আঁকিব দিব পাৰে হুবহু ছবি।
ঢেকিয়াজুলিৰ লোকনায়ক অমিঅ কুমাৰ দাস মহাবিদ্যালয়ত অধ্যয়নৰত চন্দনজ্যোতিয়ে দোতাৰা, বাঁহী, মুখা ইত্যাদি নিজে তৈয়াৰ কৰি বিক্ৰী কৰি উপাৰ্জনৰ পথ বাছি লৈছে। চন্দনেজ্যোতি নিজ হাতেৰে তৈয়াৰ কৰা দোতাৰা, বাঁহী আদি বাদ্যযন্ত্ৰসমূহ বিক্ৰী কৰি অধ্যয়নৰ খৰছ উলিয়াইছে।