• Home
  • »
  • News
  • »
  • assam
  • »
  • কোনো কোচিং নোহোৱাকৈ মাথো তিনি মাহ নিজাকৈ অধ্যয়ন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ NEET পৰীক্ষাত ৯৯.৮ শতাংশ নম্বৰ লাভ কৰে ধাৰাপুৰৰ বিতোপন কলিতাই ...

কোনো কোচিং নোহোৱাকৈ মাথো তিনি মাহ নিজাকৈ অধ্যয়ন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ NEET পৰীক্ষাত ৯৯.৮ শতাংশ নম্বৰ লাভ কৰে ধাৰাপুৰৰ বিতোপন কলিতাই ...

কোনো কোচিং নোহোৱাকৈ মাথো তিনি মাহ নিজাকৈ অধ্যয়ন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ NEET পৰীক্ষাত ৯৯.৮ শতাংশ নম্বৰ লাভ কৰে ধাৰাপুৰৰ বিতোপন কলিতাই । ভৱিষ্যতে এজন সু-চিকিৎসক হোৱাৰ সপোন বিতোপনৰ। 

  • Share this:
কোনো কোচিং নোহোৱাকৈ মাথো তিনি মাহ নিজাকৈ অধ্যয়ন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ NEET পৰীক্ষাত ৯৯.৮ শতাংশ নম্বৰ লাভ কৰে ধাৰাপুৰৰ বিতোপন কলিতাই । ভৱিষ্যতে এজন সু-চিকিৎসক হোৱাৰ সপোন বিতোপনৰ।

অসমবাসীলৈ সুখবৰ। শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থকা নাই অসমৰ ছাত্ৰ ছাত্ৰী। যোৱা ১৭ জুলাই ২০২২ বৰ্ষত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা NEET পৰীক্ষাত  মহানগৰীৰ ধাৰাপুৰৰ  মেধাবী ছাত্ৰই অসমৰ নাম জিলিকাবলৈ সক্ষম হয়।  ২০১৯ বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত দশম স্থান লাভ কৰা মহানৰীৰ ধাৰাপুৰৰ জিতেন্দ্ৰ কলিতা আৰু বিজু ৰাণী কলিতাৰ পুত্ৰ বিতোপন কলিতাই কোনো ঘৰুৱা শিক্ষক তথা কোচিং চেণ্টাৰত অধ্যয়ন নকৰাকৈ মাথো তিনিমাহ নিজাকৈ অধ্যয়ন কৰি NEET পৰীক্ষাত ৬৫৫ নম্বৰ লাভ কৰি  ধাৰাপুৰলৈ সুনাম কঢ়িয়াই আনে। মেধাবী ছাত্ৰ বিতোপন কলিতাই সৰুৰে পৰা কোনো ধনৰ ঘৰুৱা শিক্ষকৰ সহায় নোলোৱালৈ পঢ়া শুনাত পাৰদৰ্শিতা দেখুৱাই আহিছে । মেধাবী ছাত্ৰ বিতোপন কলিতাই পঢ়াই লগতে ব্যস্ত থাকে চিত্ৰ অংকনত ।। ইতিমধ্যে বিভিন্ন স্থানৰ চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ লাভ কৰাৰ উপৰিও কবিতাৰ লগত জড়িত হৈ থাকে ।। যোৱা ১৭ জুলাইত ৰাষ্টীয় পৰ্যায়ত অনুষ্ঠিত হোৱা  NEET পৰীক্ষাৰ ৬৫৫ নম্বৰ (৯৯.৮%) লাভ কৰাত বিতোপন কালিতাক আত্মীয় লোকৰ লগতে স্থানীয় লোকে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে । মেধাবী ছাত্ৰ বিতোপন কলিতাই দিল্লীৰ AIIMS হাস্পতালত আসন লোৱাৰ বাবে আগ্ৰহী। ভৱিষ্যতে এজন চিকিৎসক হৈ অসমৰ চিকিৎসা ক্ষেত্ৰ উন্নত কৰাৰ বাবে চেষ্টা কৰিব বুলি জানিব দিয়ে বিতোপন কলিতাই ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি