মুখ্যপৃষ্ঠা »খবৰ »অসম »ব্ৰেইন টিউমাৰত আক্ৰান্ত নৱনীতা কলিতাই বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়

ব্ৰেইন টিউমাৰত আক্ৰান্ত নৱনীতা কলিতাই বিচাৰিছে মুখ্যমন্ত্ৰীৰ সহায়

নৱনীতাৰ দুচকুত আছে অযুত স্বপ্ন। তিনিমাহ পূৰ্বে নৱনীতা আক্ৰান্ত হৈছে দুৰাৰোগ্য ব্ৰেইন টিউমাৰত। ফলত ছাত্ৰীগৰাকী অৱতীৰ্ণ হব নোৱাৰিলে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত।

  • Share this:
নলবাৰী,২৪ মাৰ্চ:  এগৰাকী কিশোৰীৰ কাতৰ আহ্বান- হিমন্ত মামা, মোৰ বহুত সপোন আছে ৷ মোক জীয়াই থাকিবলৈ দিয়ক ৷ ধমধমাৰ নিকটৱৰ্তী মহিনা হাইস্কুলৰ পৰা চলিত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া নবনীতা কলিতাৰ মুখ্যমন্ত্ৰীলৈ এই কাতৰ আহ্বান ৷ মেধা সম্পন্ন নবনীতাৰ দুচকুত আছে অযুত স্বপ্ন ৷ তিনিমাহ পূৰ্বে নৱনীতা আক্ৰান্ত হৈছে দুৰাৰোগ্য ব্ৰেইন টিউমাৰত ৷ ফলত ছাত্ৰীগৰাকী অৱতীৰ্ণ হ’ব নোৱাৰিলে এইবাৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৷

নলবাৰী জিলাৰ ধমধমাৰ নিকটৱৰ্তী মহিনা গাঁৱৰ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া প্ৰমোদ কলিতাৰ ডাঙৰ কন্যা নৱনীতা কলিতাৰ চিকিৎসাৰ নামত পৰিয়ালটিৰ সৰ্বস্বান্ত হৈ পৰিছে ৷ ওচৰ-চুবুৰীয়াৰ সহায়-সহযোগত চিকিৎসা কৰি আহিছে যদিও চৰকাৰৰ অভিলাষী আঁচনিসমূহে ঢুকি নোপোৱা নৱনীতাৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে লক্ষাধিক টকাৰ ৷

সেয়ে নৱনীতাৰ লগতে পিতৃ-মাতৃয়ে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে সদাশয় ৰাইজৰ সহায় বিচাৰিছে ৷ যদি কোনো ব্যক্তিয়ে দুৰ্ভগীয়া ছাত্ৰীগৰাকীক সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে অসম গ্ৰামীণ বিকাশ বেংক ধমধমা শাখাৰ 7083029026849 IFSC PUNB0RRBAGB একাউণ্ট নম্বৰৰ জৰিয়তে অথবা 7086262930 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব বুলিও জনাইছে পৰিয়ালটিয়ে ৷

শেহতীয়া বাতৰি