১৫ জুনত প্ৰকাশ পাব NRCৰ অতিৰিক্ত খচৰা, সাজু হৈছে অসম আৰক্ষী

‘প্ৰয়োজনত বহিঃৰাজ্যৰ পৰাও অনা হ’ব নিৰাপত্তাৰক্ষী, যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈছে আৰক্ষী

news18assam
Updated:May 5, 2019, 1:49 PM IST
১৫ জুনত প্ৰকাশ পাব NRCৰ অতিৰিক্ত খচৰা, সাজু হৈছে অসম আৰক্ষী
আৰক্ষী সঞ্চালকপ্ৰধান কূলধৰ শইকীয়া
news18assam
Updated: May 5, 2019, 1:49 PM IST
‘১৫ জুনত প্ৰকাশ পাব NRCৰ অতিৰিক্ত খচৰা। তাৰ বাবে সম্পূৰ্ণৰূপে সাজু হৈছে অসম আৰক্ষী।’–আৰক্ষী সঞ্চালকপ্ৰধান কূলধৰ শইকীয়াৰ মন্তব্য। ‘প্ৰয়োজনত বহিঃৰাজ্যৰ পৰাও অনা হ’ব নিৰাপত্তাৰক্ষী, যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈছে আৰক্ষী।’–মন্তব্য শইকীয়াৰ।
১৬ জুনৰ পৰা নাম অন্তৰ্ভুক্তই দাবী উত্থাপন কৰিব পাৰিব। ৩০ জুনলৈ ভাৰতীয় বুলি প্ৰমাণ কৰাৰ সুযোগ লাভ কৰিব। অন্যথা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম কৰ্তন হ’ব। NRCৰ প্ৰথমখন খচৰা প্ৰকাশ পাইছিল ২০১৭ চনৰৰ ৩১ ডিচেম্বৰত। ২০১৮ চনৰ ৩১ জুলাইত প্ৰকাশ পাইছিল চূড়ান্ত খচৰা। খচৰাত ২,৮৯,৮৩,৬৭৭জন লোকৰ নাম অন্তৰ্ভুক্ত হৈছিল। তাৰ বিপৰীতে ৪০,০৭,৭০৭ লোকৰ নাম কৰ্তন হৈছিল।

আৰু চাওক পৰৱৰ্তী বাতৰি