মুখ্যপৃষ্ঠা »খবৰ »অসম »Assam News: অসমত শীঘ্ৰে অপৰাধজনিত গোচৰ নিষ্পতিৰ বাবে ৰাজ্যৰ প্ৰত্যেক অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইমক নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ

Assam News: অসমত শীঘ্ৰে অপৰাধজনিত গোচৰ নিষ্পতিৰ বাবে ৰাজ্যৰ প্ৰত্যেক অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইমক নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙৰ

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰাজ্যৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইমৰ লগত DGPৰ ক্ৰাইম কণফাৰেঞ্চ

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰাজ্যৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইমৰ লগত DGPৰ ক্ৰাইম কণফাৰেঞ্চ

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰাজ্যৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইমৰ লগত DGPৰ ক্ৰাইম কণফাৰেঞ্চ

  • Share this:
বাল্য বিবাহৰ গোচৰ তদন্ত সোনকালে সম্পূৰ্ণ কৰিবলৈ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে ৰাজ্যৰ প্ৰত্যেকগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইমক নিৰ্দেশ জাৰি কৰিছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব লোৱাৰ পিছতে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে দ্বিতীয়খন অপৰাধ সম্পৰ্কীয় বৈঠকত মিলিত হয়। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত নতুনকৈ অসম আৰক্ষীত সৃষ্টি কৰা অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইম বিষয়া সকলৰ লগত DGPৰ ক্ৰাইম বৈঠক অনুষ্ঠিত হয়।

বিশেষ যে, অতিৰিক্ত আৰক্ষী অধীক্ষক ত্ৰাইমে নিজ জিলাৰ অপৰাধ নিয়ন্ত্ৰণ তথা অপৰাধীৰ গোচৰ সমূহৰ তদন্তৰ দায়িত্ব থাকিব ৷ ইয়াৰ পূৰ্বে গুৱাহাটী আৰক্ষী আয়ুক্তক বাদ দি ৰাজ্যৰ আন জিলাসমূহৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ মুখ্য কাৰ্যালয়ৰ আইন শৃংখলা আৰু অপৰাধ নিয়ন্ত্ৰণৰ দায়িত্ব আছিল ৷ পৰৰ্ৱতী সময়ত ৰাজ্য চৰকাৰে নতুনকৈ প্ৰত্যেক জিলাত অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰাইম পদ সৃষ্টি কৰি বিষয়াসকলক নিযুক্তি দিয়ে ৷

উল্লেখ্য যে, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত দ্বিতীয় খন বৈঠকত CIDৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান এ ৱাই ভি কৃষ্ণই ৰাজ্যৰ অপৰাধ জনিত গোচৰ সমূহৰ খটিয়ান দাঙি ধৰে ৷ এই বৈঠকত আৰক্ষী সঞ্চালক প্ৰধানে ৰাজ্যত অব্যাহত থকা বাল্য বিবাহৰ গোচৰ সমূহৰ তদন্ত খৰতকীয়া কৰা, পলাতক অৱস্থাত থকা বিভিন্ন গোচৰৰ ঘোষিত অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে নিষ্পতি নোহোৱাকৈ থকা গোচৰ সমূহৰ সংখ্যা হ্ৰাস কৰাৰ বাবে নিৰ্দেশ দিয়ে ৷ ইয়াৰ সমান্তৰালকৈ গোচৰ সমূহৰ  অভিযোগনামা নিৰ্ধাৰিত সময়ত দাখিল কৰি কেনেদৰে দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি কৰিব পাৰি তাৰ ওপৰতো আলোচনা কৰা হয়। বৈঠকত আৰক্ষী সঞ্চালক প্ৰধানে শিশু আৰু মহিলা সকলৰ বিৰুদ্ধে হোৱা অপৰাধ সমূহৰ তদন্ত ক্ষীপ্ৰভাৱে কৰাৰ ক্ষেত্ৰত কেনেদৰে তদন্ত কৰিব তাৰ ওপৰত আলোচনা কৰে।

মন কৰিবলগীয়া পৰৱৰ্তী ক্ৰাইম বৈঠকত যিখন জিলাই এই সমূহ গোচৰত উৎকৃষ্ট প্ৰদৰ্শন কৰিব সেই সমূহ জিলাক আৰক্ষী সঞ্চালক প্ৰধানৰ দ্বাৰা পুৰস্কাৰ দিয়া হ’ব বুলি উক্ত বৈঠকত ঘোষণা কৰা হয়।

শেহতীয়া বাতৰি