ঘোচখোৰ কৰ্মচাৰীক নাকি লগাবলৈ বদ্ধপৰিকৰ নৱ নিযুক্ত ডিজিপি জি পি সিং। পূৰ্বৰ দৰেই এই দিশত শূন্য সহনশীল ৰাজ্য চৰকাৰো। কোনো কামৰ বিনিময়ত যদি চৰকাৰী কৰ্মচাৰীয়ে ঘোচ বিচাৰে, তেন্তে আপুনি খবৰ দিলে তেওঁৰ জেল গমন নিশ্চিত।
ঘোচখোৰ কৰ্মচাৰীৰ বিৰুদ্ধে ডিজিপিয়ে পুনৰ মুকলি কৰে ৫ টাকৈ ফোন নম্বৰ
যি কোনো লোকেই কামৰ বিনিময়ত টকা বিচাৰিলে পোনপটীয়াকৈ অভিযোগ দিব পাৰিব নম্বৰ সমূহত। হোৱাটচএপ কৰিব পাৰিব 6026901243ত আৰু ফোন কৰিব পাৰিব নিয়ন্ত্ৰণ কক্ষ 03612462295, আৰক্ষী অধীক্ষক(1) 6026903481, আৰক্ষী অধীক্ষক (2)6026903483, আৰক্ষী অধীক্ষক(3) 6026903484।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।