''ই সাধাৰণ ঘটনা নহয়। ইয়াৰ আঁৰত বহুতো কথা জড়িত আছে।"
''ই সাধাৰণ ঘটনা নহয়। ইয়াৰ আঁৰত বহুতো কথা জড়িত আছে।"
আৰক্ষীৰ জিম্মাত এজন যুৱকৰ মৃত্যু হোৱাক কেন্দ্ৰ কৰি কালি বটদ্ৰৱা থানা জ্বলাই দিয়া ঘটনাৰ চাঞ্চল্য অব্যাহত আছে। ৰাজ্যৰ প্ৰশাসনক জোকাৰি যোৱা এই ঘটনাৰ পিছত বটদ্ৰৱা কাণ্ডৰ মূল অভিযুক্ত এগৰাকী মহিলাসহ ২১ গৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
দেওবাৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই বটদ্ৰৱা কাণ্ডক (Mob Attack at Batadrawa) লৈ ফেচবুকত এটা দীঘলীয়া পোষ্ট লিখি আৰক্ষী থানাত কি ঘটনা ঘটিছিল তাৰ বৰ্ণনা কৰে।
ডিজিপিয়ে উল্লেখ কৰে- "সুৰাৰ নিচাত থকাৰ অভিযোগ পোৱাৰ পিছত ২০ মে' ২০২২ তাৰিখে নিশা ৯:৩০ বজাত চফিকুল ইছলাম (৩৯ বছৰ)ক বটদ্ৰৱা আৰক্ষী থানালৈ অনা হৈছিল। আৰক্ষী চকীলৈ অনাৰ আগতে তেওঁ এটা পথত পৰি গৈছিল। চিকিৎসা কৰাৰ পিছত তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল। পিছদিনা তেওঁক মুকলি কৰি পত্নীৰ হাতত গতাই দিয়া হৈছিল। তেওঁৰ পত্নীয়ে তেওঁক অলপ পানীয় আৰু খাদ্য দিছিল। পিছত তেওঁ ভগ্নস্বাস্থ্যক লৈ কৰা অভিযোগৰ বাবে তেওঁক দুখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। দুৰ্ভাগ্যবশতঃ তেওঁক মৃত ঘোষণা কৰা হৈছিল।"
ডিজিপি মহন্তই (DGP Bhaskarjyoti Mahanta) লগতে লিখিছে, "আমি এই দুৰ্ভাগ্যজনক মৃত্যুক অতি গুৰুত্বসহকাৰে লৈছোঁ আৰু বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক নিলম্বন কৰা হৈছে আৰু আন আৰক্ষীকো নিৰীক্ষণত ৰখা হৈছে। যদি আমাৰ ফালৰ পৰা কোনো বিভ্ৰান্তি হয়, আমি ইয়াৰ তদন্ত কৰিম আৰু আইন অনুসৰি অপৰাধীসকলক শাস্তি দিম। ইয়াত কোনো সন্দেহ নাই।"
ডিজিপিয়ে আৰক্ষী থানা জ্বলাই দিয়া ঘটনাৰ কথাও উল্লেখ কৰি লিখে যে স্থানীয় অসামাজিক চক্ৰই আইন নিজৰ হাতত লৈ আৰক্ষী থানা জ্বলাই দিছিল। ইয়াত পুৰুষ-মহিলাকে ধৰি সকলো জড়িত হৈছিল। আৰক্ষী বাহিনীৰ ওপৰত নিৰ্মম আৰু সংগঠিতভাৱে কৰা এই আক্ৰমণে গভীৰভাৱে চিন্তা কৰিবলৈ বাধ্য কৰাইছে। তেওঁ কয়- ''আমি নাভাবোঁ যে এয়া মৃতকৰ আত্মীয়সকলৰ শোকৰ প্ৰতিক্ৰিয়া। তেওঁলোক বেছিভাগেই অপৰাধী, যাৰ ৰেকৰ্ড থানাত আছিল আৰু এইবোৰ জুইত জ্বলাই দিয়া হৈছে। গতিকে ই সাধাৰণ ঘটনা নহয়। ইয়াৰ আঁৰত বহুতো কথা জড়িত আছে।"
উল্লেখ্য যে বটদ্ৰৱা আৰক্ষী থানাৰ (Batadrawa Police Station) আৰক্ষীয়ে চালনাবাৰী অঞ্চলৰ পৰা চফিকুল ইছলামক আটক কৰি তেওঁৰ পৰা ১০,০০০ টকাৰ লগতে এটা হাঁহ উৎকোচ ৰূপে দাবী কৰিছিল বুলি অভিযোগ কৰা হৈছে স্থানীয় লোকৰ পৰা। অভিযোগ মতে উৎকোচ নিদিয়া বাবে আৰক্ষীয়ে মাছ বিক্ৰী কৰি পৰিয়াল চলোৱা চফিকুল ইছলামক শাস্তি দি হত্যা কৰে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|