কোকৰাঝাৰৰ অভয়াখুটিত সংঘটিত নাৰকীয় ধৰ্ষণ আৰু হত্যাকাণ্ডক লৈ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই আজি সন্ধিয়া সম্বোধন কৰে এক সংবাদমেল । কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত সংবাদমেলত অংশগ্ৰহণ কৰে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। সংবাদমেলত মহন্তই জানিবলৈ দিয়া মতে, ১১ জুনৰ নাৰকীয় ঘটনাৰে জড়িত আছিল মূল ৩গৰাকী অভিযুক্ত। আন ৪গৰাকী অভিয়ুক্ত পৰোক্ষভাৱে ঘটনাটোত জড়িত আছিল।
আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই এই মূল তিনি অভিযুক্তৰ নাম ঘোষণা কৰে। মূল অভিযুক্ত তিনিজন হ'ল শালবাৰীৰ মুজাম্মেল শ্বেখ (২০) , নছিবুল আলি শ্বেখ (১৯ ), ফৰুজুল ৰহমান(২২) । ধৰ্ষণকাণ্ড ৰাজহুৱা কৰাৰ ভাবুকি দিয়াৰ বাবে দুই কিশোৰীক হত্যা কৰা বুলি স্বীকাৰোক্তি দিয়ে ৩ অপৰাধীয়ে। পূৰ্বৰে পৰা চিনাকি থকা কিশোৰী দুগৰাকীৰ সৈতে হোৱা সংঘাতৰ ফলত এনে নাৰকীয় কাণ্ড সংঘটিত হোৱা বুলি উল্লেখ কৰে অপৰাধীয়ে। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তৰ মটৰচাইকেল, মোবাইল ফোন জব্দ কৰিছে। আনহাতে মহন্তই উল্লেখ কৰা মতে, এই ঘটনাৰ বিচাৰৰ বাবে ফাষ্ট্ৰটেক আদালতত আবেদন জনোৱা হ'ব।
উল্লেখ্য, যোৱা ১১ জুনত অভয়াখুটিত দুগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা হৈছিল আৰু এডাল আম গছত তেওঁলোকৰ মৃতদেহ ওলমাই থোৱা হৈছিল আত্মহত্যাৰ ৰূপ দিয়াৰ বাবে।দুই কিশোৰীৰ মৃতদেহ উদ্ধাৰৰ পিছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । ইয়াৰ পিছতে ঘটনাস্থলীত যোৱা ১৩ জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ ঘটনাৰ সঠিক তদন্ত কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছিল ।
আজিৰ সংবাদমেলত উপস্থিত আছিল বিটিআৰৰ আইজিপি ড°এল আৰ বিষ্ণই , জিলা আৰক্ষী অধীক্ষক থুবে প্ৰতীক বিজয় কুমাৰ , অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচাৰ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|