জে’লৰ পৰা উভতি পুনৰ ড্ৰাগছৰ ব্যৱসায়ত জড়িত হ’লে কঠোৰ ব্যৱস্থা ল’ব আৰক্ষীয়ে, নগাঁৱত ক’লে ডিজিপি ভাস্কৰজ্যোতি মহন্তই

News18 Assam | News18-Assam
Updated:July 19, 2021, 8:40 AM IST
জে’লৰ পৰা উভতি পুনৰ ড্ৰাগছৰ ব্যৱসায়ত জড়িত হ’লে কঠোৰ ব্যৱস্থা ল’ব আৰক্ষীয়ে, নগাঁৱত ক’লে ডিজিপি ভাস্কৰজ্যোতি মহন্তই
নগাঁৱত ড্ৰাগছ মাফিয়াৰ প্ৰকোপ আন জিলাতকৈ বেছি বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে।

নগাঁৱত ড্ৰাগছ মাফিয়াৰ প্ৰকোপ আন জিলাতকৈ বেছি বুলি মন্তব্য কৰে আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে।

  • Share this:
"ড্ৰাগছৰ গোচৰত জে’ললৈ যোৱা অপৰাধী যদি পুনৰ জে’লৰ পৰা মুক্তি লাভ কৰি ড্ৰাগছৰ ব্যৱসায়ত জড়িত হয় তেনেহ'লে কঠোৰ ব্যৱস্থা লোৱা হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ দৰে এক কঠোৰ আইনত এইসকল অপৰাধীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব। ইতিমধ্যে ২০জন ড্ৰাগছ মাফিয়াক এনে আইনৰ অধীনত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। শীঘ্ৰে আৰু বহু অপৰাধীৰ বিৰুদ্ধে এই আইনৰ অধীনত গোচৰ ৰুজু কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব।"- নগাঁৱত ড্ৰাগছ বিনষ্টকৰণ অভিযানত উপস্থিত থাকি এই মন্তব্য কৰে অসম আৰক্ষীৰ সঞ্চালক ভাস্কৰজ্যোতি মহন্তই।

আনহাতে নগাঁৱত ড্ৰাগছ মাফিয়াৰ প্ৰকোপ আন জিলাতকৈ বেছি বুলি মন্তব্য কৰি আৰক্ষী সঞ্চালকপ্ৰধান গৰাকীয়ে কয়, "নগাঁৱত আমি বেছি জোৰ দিম। নগাঁৱত আৰু অধিক গতিত আৰক্ষীয়ে অভিযান চলাব।"

আনহাতে, দেওবাৰে বিনষ্ট কৰা ড্ৰাগছৰ উপৰিও আৰক্ষীৰ হাতত আৰু বহু ড্ৰাগছ মজুত থকাৰ কথা উল্লেখ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয়, ‘‘আদালতত অভিযোগনামা দাখিল হোৱাৰ পিছতেই সেইসমূহ নিচাজাতীয় সামগ্ৰীও ধ্বংস কৰা হ'ব।’’
Published by: Sanjay Kumar Das
First published: July 19, 2021, 8:39 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি