உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • DGP Bhaskar Jyoti Mahanta : ভোগালী বিহুৰ দিনাই সাৱধান বাণী DGP ভাস্কৰজ্যোতি মহন্তৰ, দুষ্টক দমনৰ বাবে কঠোৰ হ'ব অসম আৰক্ষী  

    DGP Bhaskar Jyoti Mahanta : ভোগালী বিহুৰ দিনাই সাৱধান বাণী DGP ভাস্কৰজ্যোতি মহন্তৰ, দুষ্টক দমনৰ বাবে কঠোৰ হ'ব অসম আৰক্ষী  

    DGP ভাস্কৰ জ্যোতি মহন্ত

    DGP ভাস্কৰ জ্যোতি মহন্ত

    DGP Bhaskar Jyoti Mahanta : নাজিৰাৰ বিহুবৰ আৰক্ষী থানাৰ নৱনিৰ্মিত গৃহ উদ্বোধনী অনুষ্ঠানত উপস্থিত হৈ এই মন্তব্য আৰক্ষী সঞ্চালক প্ৰধান গৰাকীৰ ৷

    • Share this:
    সমগ্ৰ ৰাজ্যবাসীয়ে আজি উলহ-মালহেৰে পালন কৰিছে ভোগৰ উৎসৱ ভোগালী বিহু।
    ভোগালী বিহু (Bhogali Bihu)ৰ আজিৰ এই পৱিত্ৰ দিনটোতেই শিৱসাগৰ জিলাৰ নাজিৰাৰ মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰ আৰক্ষী থানাৰ নৱ নিৰ্মিত গৃহ উদ্বোধন কৰে অসম আৰক্ষী (Assam Police)ৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত (DGP Bhaskar Jyoti Mahanta)ই।

    অসম চৰকাৰৰ "মৈত্ৰী" আঁচনিৰ অধীনত ১ কোটি ৪২ লাখ টকাৰে  আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে নাজিৰা মহকুমাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী বিহুবৰ আৰক্ষী থানাৰ নৱনিৰ্মিত গৃহটো ৷  থানাৰ নৱনিৰ্মিত গৃহটো অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই উদ্বোধন কৰি সমূহ অসমবাসীলৈ ভোগালীৰ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে৷

    ইয়াৰ উপৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে নাজিৰাৰ অসম নগালেণ্ড সীমান্তৱৰ্তী গেলেকী সংৰক্ষিত বনাঞ্চলৰ কাষতে থকা কমলাবাৰী বনভোজস্থলী পৰিদৰ্শন কৰে ৷    নাজিৰাত উপস্থিত হৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে অসম আৰক্ষীয়ে সংস্কাৰমূলক কাম কৰি যাব বুলি মন্তব্য কৰে ৷ সমাজৰ অনিষ্ট সাধন কৰা দুষ্ট লোক সকলক সাৱধান বাণী দিয়ে আনহাতে সৎ লোকসকলক আৰক্ষীলৈ ভয় নকৰিবলৈ আহ্বান জনায় ৷ অসম আৰক্ষীয়ে  সৎ তথা সমাজ সংস্কাৰক লোকসকলৰ লগত হাতত হাত মিলাই কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে৷

    বিহুবৰ আৰক্ষী থানাৰ নৱনিৰ্মিত গৃহটি উদ্বোধনী অনুস্থানত আৰক্ষী মহাপৰিদৰ্শক মৃদুলানন্দ শৰ্মা, শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনৰ লগতে অসম আৰক্ষীৰ বহুকেইজন বিষয়া আৰু স্থানীয় লোক উপস্থিত থাকে ৷
    Published by:Manjumoni Borah
    First published: