অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত (DGP Bhaskar Jyoti Mahanta)ৰ বৰপেটা সত্ৰ দৰ্শন ৷ সপত্নীক বৰপেটা সত্ৰ (Barpeta Satra) দৰ্শন কৰিলে DGP মহন্তই। বৰপেটা সত্ৰত উপস্থিত হৈ ভাস্কৰজ্যোতি মহন্তই সত্ৰত সেৱা জনোৱাৰ লগতে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ বাসগৃহত উপস্থিত হৈ সত্ৰীয়াগৰাকীকো সেৱা জনায় ৷
বৰপেটা সত্ৰ দৰ্শন কৰি অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে সত্ৰসমুহৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অসম আৰক্ষী আগ্ৰহী বুলি মন্তব্য কৰে ৷ বিশেষকৈ সত্ৰসমুহত CCTV কেমেৰা লগোৱা, সত্ৰৰ প্ৰণামীসমুহ বেংকত জমা কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় ৷ একেদৰে চোৰক আকৃষ্ট কৰিব পৰা কোনো সম্পত্তি সত্ৰত নাৰাখিবলৈকো পৰামৰ্শ দিয়ে ডিজিপিগৰাকীয়ে ৷ আনকি বহুকেইখন সত্ৰত অসম আৰক্ষীয়ে চিচিটিভি কেমেৰা প্ৰদান কৰাৰ কথাও প্ৰকাশ কৰে ৷ সত্ৰৰ সংৰক্ষণ অতি জৰুৰী বুলি উল্লেখ কৰি CCTV কেমেৰা স্থাপন, পুলিচ পেট্ৰ'লিঙৰ ব্যৱস্থা আদি বিষয়তো মন্তব্য কৰে ৷
বৰপেটা সত্ৰই সত্ৰীয়া ঐতিহ্যৰ ধ্বাজাবাহক বুলি উল্লেখ কৰি যুৱ প্ৰজন্মক সত্ৰৰ সৈতে জৰিত কৰিব লাগে বুলিও মন্তব্য ৷
ইফালে অসম আৰক্ষীৰ নিযুক্তি সন্দৰ্ভতো মন্তব্য অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ৷ 'নিযুক্তিৰ ক্ষেত্ৰত বেইমানি কৰা নাই ৷ সম্পূৰ্ণ ন্যায় আৰু মেধাৰ ভিত্তিত হৈছে ৷ মোৰ কাৰ্যকালত পূৰ্বেও প্ৰায় ৯,৬০০ পদত নিযুক্তি দিয়া হৈছে ৷ নিযুক্তি ন্যায় আৰু মেধাৰ ভিত্তিত হৈছে ৷'
আনহাতে ভিক্টৰ দাসৰ গোচৰক লৈ প্ৰতিবেদন বিচৰা বুলি মন্তব্য ভাস্কৰজ্যোতি মহন্তৰ ৷
বৰপেটা সত্ৰৰ পৰা ভাস্কৰজ্যোতি মহন্তই বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ বাসগৃহলৈ যায় আৰু বুঢ়াসত্ৰীয়াগৰাকীক সেৱা জনায় ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সম্প্ৰতি অসুস্থ হৈ থকা বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ সৈতে ধেমেলীয়া কথা পতাও দেখা যায় ৷
Published by: Manjumoni Borah
FIRST PUBLISHED : September 20, 2022, 00:31 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।