অঞ্চলটোৰ কেইবাঠাইতো নিশাৰ ভাগত এনে কাণ্ড সংঘটিত হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰি ডিজিপি গৰাকীয়ে কয়, তেওঁলোকে আৰক্ষীৰ পৰা অস্ত্ৰ লৈ যোৱাৰ আশংকা কৰা হৈছে৷
অঞ্চলটোৰ কেইবাঠাইতো নিশাৰ ভাগত এনে কাণ্ড সংঘটিত হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰি ডিজিপি গৰাকীয়ে কয়, তেওঁলোকে আৰক্ষীৰ পৰা অস্ত্ৰ লৈ যোৱাৰ আশংকা কৰা হৈছে৷
বটদ্ৰৱা কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই। সংবাদ মাধ্যমৰ আগত ডিজিপি মহন্তই কয়, ‘‘বটদ্ৰৱা কাণ্ডৰ বৰ্তমান তদন্ত চলি আছে৷ মই জেহাদী শব্দ নকওঁ৷ কিন্তু আনচাৰুল ইছলামৰ গ্ৰুপ এটা ধৰা পৰিছে৷ ই অল কাইডাৰ এটা ঠাল৷ তেওঁলোকৰ গতিবিধি আমি তলে তলে লৈ আছো৷ এই সংগঠনটোৱে মানুহ কিছুমানক উত্তেজিত কৰি এটা শ্লিপাৰ চেল ৰেডি কৰাৰ প্ৰস্তুতি চলাই আছে৷ তেওঁলোকে নগাঁৱত এনে কাণ্ড সংঘটিত কৰাৰ চেষ্টা চলাই আছে৷ বটদ্ৰৱা কাণ্ডত ইয়াৰ চিন স্পষ্ট ৰূপত পোৱা গৈছে৷’’
ভাস্কৰজ্যোতি মহন্তই আৰু কয়, ‘‘কোনোবাই পেট্ৰ’ল লৈ আহিছে৷ পেট্ৰল বোমা লৈ আহিছিল নেকি আমি পৰীক্ষা কৰি আছো৷ উত্তেজিত মানুহ খিনিৰ মাজত আলাউদ্দিন নামৰ এটা ড্ৰাগছ মাফিয়াক প্ৰত্যক্ষ কৰিছো৷ তেওঁলোকৰ নথি পত্ৰ নষ্ট কৰাৰ এয়া পৰিকল্পিত ঘটনা৷ মুছলমানসকলক এই বিশেষ সংগঠনটোৱে উত্তেজিত কৰি সমগ্ৰ কাণ্ড সংঘটিত কৰিছে বুলি ক’ব পাৰি৷’’
অঞ্চলটোৰ কেইবাঠাইতো নিশাৰ ভাগত এনে কাণ্ড সংঘটিত হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰি ডিজিপি গৰাকীয়ে কয়, তেওঁলোকে আৰক্ষীৰ পৰা অস্ত্ৰ লৈ যোৱাৰ আশংকা কৰা হৈছে৷ সেইকাৰণে তেওঁলোকৰ বাসগৃহসমূহ ভাঙি পেলোৱা হৈছে। প্ৰয়োজনত মাটি খান্দি হ’লেও চুৰি কৰা অস্ত্ৰসমূহ উদ্ধাৰ কৰা হ’ব৷ এটা বিশেষ দল গঠন কৰাৰ নিৰ্দেশ দিয়া হৈছে, এজন অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত থাকিব এই দলটো৷
মহন্তই কয়, ‘‘চফিকুলে মদ খাই পৰি থকা অৱস্থাত তুলি অনা হৈছিল৷ তাৰ ফটোগ্ৰাফ আমাৰ হাতত আছে। নিচাগ্ৰস্ত অৱস্থাত আমাৰ থানাৰ নতুন বলেৰ’ গাড়ীৰে অনা হৈছিল।টেকনিকেলি পুলিচৰ জিম্মাতে তেওঁৰ মৃত্যু হৈছে। পুলিচৰ জিম্মাতে মৃত্যু হোৱাটো আচৰিত নহয়। কাৰ্বি আংলংৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱালক ইয়াৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে৷’’
ধিং থানাত এটা কেছ ৰেজিষ্টাৰ হৈছে বুলি মন্তব্য কৰি ভাস্কৰজ্যোতি মহন্তই কয়, সমগ্ৰ ঘটনাত ষড়যন্ত্ৰ জড়িত আছে৷ বৃহৎ দমনমূলক কাৰ্যকলাপৰ উদাহৰণ এয়া৷ এই কাৰ্য কোনো কাৰণতে মানি লোৱা নহ’ব। কঠোৰ হাতেৰে দমন কৰা হ’ব এনে কাৰ্য৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|