உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ‘ৰাইজৰ সেৱাত যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে অনাৱশ্যকীয় PSO কৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে’ – ডিজিপি ভাস্কৰজ্যোতি মহন্ত

    ‘ৰাইজৰ সেৱাত যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে অনাৱশ্যকীয় PSO কৰ্তনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে’ – ডিজিপি ভাস্কৰজ্যোতি মহন্ত

    ‘অনাৱশ্যকভাৱে আৰক্ষীৰ মানুহবোৰ য’তে ত’তে লাগি থকাৰ ফলত আৰক্ষীৰ প্ৰকৃত কামত ব্যাহত হৈছে৷ আৰক্ষীৰ মানুহবোৰ প্ৰকৃত কামৰ পৰা বাহিৰত থাকিবলগীয়া হোৱাৰ বাবে ৰাইজৰ সেৱা কৰাত অসুবিধাৰ সৃষ্টি হৈছে৷’

    ‘অনাৱশ্যকভাৱে আৰক্ষীৰ মানুহবোৰ য’তে ত’তে লাগি থকাৰ ফলত আৰক্ষীৰ প্ৰকৃত কামত ব্যাহত হৈছে৷ আৰক্ষীৰ মানুহবোৰ প্ৰকৃত কামৰ পৰা বাহিৰত থাকিবলগীয়া হোৱাৰ বাবে ৰাইজৰ সেৱা কৰাত অসুবিধাৰ সৃষ্টি হৈছে৷’

    ‘অনাৱশ্যকভাৱে আৰক্ষীৰ মানুহবোৰ য’তে ত’তে লাগি থকাৰ ফলত আৰক্ষীৰ প্ৰকৃত কামত ব্যাহত হৈছে৷ আৰক্ষীৰ মানুহবোৰ প্ৰকৃত কামৰ পৰা বাহিৰত থাকিবলগীয়া হোৱাৰ বাবে ৰাইজৰ সেৱা কৰাত অসুবিধাৰ সৃষ্টি হৈছে৷’

    • Share this:
    বৰপেটা আৰক্ষীৰ (Barpeta Police) অধীক্ষক অমিতাভ সিনহাৰ তত্বাৱধনাত সুন্দৰীদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শ্বহীদৰ স্মৃতিত পুনঃনিৰ্মিত পুথিভঁৰালটো আজি উদ্বোধন কৰিলে অসম আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই৷ সুন্দৰীদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা অসম আৰক্ষীৰ বীৰ জোৱান শ্বহীদ দীপক কুমাৰ দেউৰী আৰু প্ৰনৱ কুমাৰ চৌধুৰীৰ নামেৰে নামকৰণ কৰা পুথিভঁৰালটো উদ্বোধনী সভাত অসম আৰক্ষী (Assam Police) সঞ্চালকপ্ৰধান  ভাস্কৰজ্যোতি মহন্ত, অসম আৰক্ষীৰ পশ্চিম মণ্ডলৰ ডি আই জি দিলীপ কুমাৰ দে, বৰপেটা জিলা উপায়ুক্ত তেজ প্ৰসাদ ভুচাল, বৰপেটা আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ লগতে বাক্সা, গোৱালপাৰা, বঙাইগাও, বজালী আৰু চিৰাঙৰ আৰক্ষী অধীক্ষকসকল উপস্থিত থাকে৷

    পুথিভঁৰালটো উদ্বোধন কৰি অসম আৰক্ষী সঞ্চালক প্ৰধান (DGP Assam) ভাস্কৰজ্যোতি মহন্তই (Bhaskar Jyoti Mahanta) কয়, ‘‘অসম আৰক্ষীয়ে বিগত দুটা বছৰ ধৰি শ্বহীদসকলক সন্মান জনোৱাৰ বাবে তেওঁলোকে পঢ়া বিদ্যালয়সমূহত তেওঁলোকৰ স্মৃতিচাৰণ কৰিব বাবে কিছুমান কাম কৰি আছো৷  সুন্দৰীদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰো প্ৰাক্তন ছাত্ৰ অসম আৰক্ষীৰ বোমা বিশেষজ্ঞ শ্বহীদ দীপক কুমাৰ দেউৰীয়ে ২০০৫ চনত বঙাইগাঁও জিলাত কৰ্তব্যৰত অৱস্থাত শ্বহীদ হৈছিল৷ আৰু প্ৰণৱ কুমাৰ চৌধুৰীয়ে ১৯৯৪ চনত চাউৰাগুৰিত কৰ্তব্যৰত অৱস্থাত উগ্ৰপন্থীৰ হাতত নিহত হৈছিল৷ তেওঁলোক দুজনৰ স্মৃতিত সুন্দৰীদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আৰক্ষীৰ দ্বাৰা পুথিভঁৰাল নিৰ্মাণ কৰি দিয়াৰ উপৰিও কিতাপ যোগানো ধৰে৷’’

    আনহাতে, বৰপেটাত অসম আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ PSO সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ তেওঁ কয় যে অসম আৰক্ষীয়ে SOP বনাই আছে৷ অসমত এতিয়া শান্তিৰ পৰিৱেশ সৃষ্টি হৈছে৷ অনাৱশ্যকভাৱে আৰক্ষীৰ মানুহবোৰ য’তে ত’তে লাগি থকাৰ ফলত আৰক্ষীৰ প্ৰকৃত কামত ব্যাহত হৈছে৷ আৰক্ষীৰ মানুহবোৰ প্ৰকৃত কামৰ পৰা বাহিৰত থাকিবলগীয়া হোৱাৰ বাবে ৰাইজৰ সেৱা কৰাত অসুবিধাৰ সৃষ্টি হৈছে৷ ৰাইজৰ সেৱাত যাতে অসুবিধাৰ সৃষ্টি নহয় তাৰ বাবে অনাৱশ্যকীয়ভাৱে থকা PSO কৰ্তন কৰাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে অসম আৰক্ষীয়ে৷ ইয়াৰোপৰি বিভিন্ন ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন হ’ব বুলি অসম আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই মন্তব্য কৰে৷
    Published by:Sanjay Kumar Das
    First published: