• Home
  • »
  • News
  • »
  • assam
  • »
  • Independence Day 2022 | স্বাধীনতা দিৱসৰ পূৰ্বে DGP ভাস্কৰজ্যোতি মহন্তৰ সকীয়নি – কোনোবাই ৰাজ্য অশান্ত কৰাৰ চেষ্টা কৰিলে কঠোৰ হ’ব আৰক্ষী

Independence Day 2022 | স্বাধীনতা দিৱসৰ পূৰ্বে DGP ভাস্কৰজ্যোতি মহন্তৰ সকীয়নি – কোনোবাই ৰাজ্য অশান্ত কৰাৰ চেষ্টা কৰিলে কঠোৰ হ’ব আৰক্ষী

File Photo

File Photo

স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ পৰিছে অসম আৰক্ষীও। ক’তো যাতে কোনো ধৰণৰ কূটাঘাত সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰক্ষীয়ে।

  • Share this:
স্বাধীনতা দিৱসলৈ মাজত মাত্ৰ দুটা দিন। দেশে পালন কৰিছে ‘আজাদী কা অমৃত মহোৎসৱ’। ‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি পালন কৰা হৈছে ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচী। অসম চৰকাৰেও স্বাধীনতা দিৱসক লৈ তৎপৰ হৈ পৰিছে। ‘হৰ ঘৰ তিৰংগা’ কাৰ্যসূচী পালন কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি তৎপৰ হৈ পৰিছে অসম আৰক্ষীও। ক’তো যাতে কোনো ধৰণৰ কূটাঘাত সংঘটিত হ’ব নোৱাৰে তাৰ প্ৰতি তীক্ষ্ণ দৃষ্টি ৰাখিছে আৰক্ষীয়ে। কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা।

ইয়াৰ মাজতে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই ক’লে – প্ৰতি মুহূৰ্ততে সজাগ, সষ্টম অসম আৰক্ষী। দেশৰ ৭৫ তম স্বাধীনতা দিৱস সফলভাৱে উদযাপন কৰিবলৈ বদ্ধপৰিকৰ অসম আৰক্ষী ৷ স্বাধীনতা দিৱসৰ শান্তিময় সময়ত যদি কোনোৱাই ৰাজ্য অশান্ত কৰাৰ চেষ্টা চলাই তাৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী।

ইপিনে আলফাই আহ্বান জনোৱা স্বাধীনতা দিৱস বৰ্জন কাৰ্যসূচীক লৈ সঞ্চালক প্ৰধানগৰাকীৰ মন্তব্য – ‘আলফাৰ স্বাধীনতা দিৱস বৰ্জন অসমৰ বাবে কোনো নতুন কথা নহয়। প্ৰতিবাৰৰ দৰে এইবাৰো ঘোষণা কৰিছে ৷ তাত কোনো নতুনত্ব নাই৷’
Published by:Sanjay Kumar Das
First published: