মুখ্যপৃষ্ঠা » খবৰ

» অসম

»Home Guard Borsing Bay Awarded : বৰছিং বে’লৈ আৰক্ষী সঞ্চালক প্ৰধান আৰু কাৰ্বি পৰিষদৰ ১ লাখ টকাকৈ পুৰস্কাৰ। হোমগাৰ্ড বৰছিঙে উজলালে আৰক্ষীৰ নাম।

Home Guard Borsing Bay Awarded : বৰছিং বে’লৈ আৰক্ষী সঞ্চালক প্ৰধান আৰু কাৰ্বি পৰিষদৰ ১ লাখ টকাকৈ পুৰস্কাৰ। হোমগাৰ্ড বৰছিঙে উজলালে আৰক্ষীৰ নাম।

News18 Assam | News18-Assam
Updated:June 23, 2021, 11:13 PM IST
Home Guard Borsing Bay Awarded : বৰছিং বে’লৈ আৰক্ষী সঞ্চালক প্ৰধান আৰু কাৰ্বি পৰিষদৰ ১ লাখ টকাকৈ পুৰস্কাৰ। হোমগাৰ্ড বৰছিঙে উজলালে আৰক্ষীৰ নাম।
১২কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰি সততা আৰু নিষ্ঠাৰ পৰিচয় দাঙি ধৰিছিল গৃহৰক্ষী জোৱান বৰছিং বে'ই।

১২কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰি সততা আৰু নিষ্ঠাৰ পৰিচয় দাঙি ধৰিছিল গৃহৰক্ষী জোৱান বৰছিং বে'ই।

  • Share this:
আৰক্ষী সঞ্চালক প্ৰধান(DGP) ভাস্কৰজ্যোতি মহন্ত (Bhaskar Jyoti Mahanta)ই পুৰস্কৃত কৰিলে কাৰ্বি আংলঙৰ গৃহৰক্ষী জোৱান বৰছিং বে’ (Borsing Bay)ক। ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰলোভন প্ৰত্যাখ্যান কৰি সততা আৰু নিষ্ঠাৰে এখন যাত্ৰীবাহী বাছৰ পৰা ১২ কোটি টকা মূল্যৰ ড্ৰাগছ(Drugs) জব্দ কৰা কাৰ্বি আংলং জিলাত নিয়োজিত গৃহৰক্ষী জোৱান বৰছিং বে’ক বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এক লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ উপৰিও এখন প্ৰশংসা পত্ৰ প্ৰদান কৰে।

আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই গৃহৰক্ষী জোৱান বে’ৰ সততা আৰু কৰ্তব্যনিষ্ঠাৰ ভূয়সী প্ৰশংসা কৰাৰ উপৰি জোৱানজনৰ এনে কাৰ্য্যই সমগ্ৰ বিভাগটোকে গৌৰৱান্বিত কৰা বুলি মন্তব্য কৰে। সঞ্চালকপ্ৰধানগৰাকীয়ে ভৱিষ্যতেও এনেধৰণৰ সততা আৰু দৃঢ়তাৰে তেওঁ কৰ্তব্যত আত্মনিয়োগ কৰি যাব বুলি আশা প্ৰকাশ কৰে।

ইফালে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা দিনজোৰা বিশেষ কাৰ্যসূচীতো কাৰ্বিপৰিষদৰ তৰফৰ পৰা এইগৰাকী সত গৃহৰক্ষী জোৱানক এক লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে। গৃহৰক্ষী জোৱানজনৰ হৈ এই পুৰস্কাৰ গ্ৰহণ কৰে আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙে।

উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ ডিলাই থানাত নিয়োজিত গৃহৰক্ষী জোৱান বৰছিং বে’ই ২১ জুনৰ নিশা এখন যাত্ৰীবাহী বাছত তালাচী চলাই ইঞ্জিনত লুকুৱাই অনা তিনি কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰিছিল। ড্ৰাগছ জব্দ কৰাৰ সময়ত বাছখনৰ চালকে গৃহৰক্ষী জোৱান জনক ধনৰ টোপোলা উপঢৌকন হিচাপে আগবঢ়াইছিল যদিও তেওঁ সেই প্ৰলোভন অগ্ৰাহ্য কৰি ড্ৰাগছখিনি জব্দ কৰি শীৰ্ষ আৰক্ষী বিষয়াক অৱগত কৰিছিল ৷ লগে লগে শীৰ্ষ আৰক্ষী বিষয়া উপস্হিত হৈ ড্ৰাগছখিনি জব্দ কৰাৰ লগতে আটক কৰে বাছখনৰ চালকসহ দুগৰাকী মহিলাক ৷

যি সময়ত সোণ চুৰিৰ পৰা আৰম্ভ কৰি বিভিন্ন অবৈধ সৰবৰাহৰে জড়িত হৈ একাংশ শীৰ্ষ আৰক্ষী বিষয়া লক আপত সোমাই অসম আৰক্ষীক লজ্জানত কৰিছে সেই সময়তে বৰছিং বে’ নামৰ গৃহৰক্ষী জোৱানজনৰ খাকী পোছাকৰ প্ৰতি থকা শ্ৰদ্ধাই নিশাৰ ভিতৰতে লাখ লাখ জনতাৰ মন জয় কৰিলে ৷
Published by: Manjumoni Borah
First published: June 23, 2021, 11:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি