• Home
  • »
  • News
  • »
  • assam
  • »
  • যোৰহাটৰ গট্টানি প্লাইউড ফেক্টৰীত ডিজিজিআইৰ বৃহৎ দলৰ অভিযান; একে সময়তে অভিযান চলিল বাসগৃহ আৰু কাৰ্যালয়তো

যোৰহাটৰ গট্টানি প্লাইউড ফেক্টৰীত ডিজিজিআইৰ বৃহৎ দলৰ অভিযান; একে সময়তে অভিযান চলিল বাসগৃহ আৰু কাৰ্যালয়তো

বৃহৎ পৰিমাণৰ কৰ ফাকি দি অহাৰ সন্দেহত চলিছে এই অভিযান।

বৃহৎ পৰিমাণৰ কৰ ফাকি দি অহাৰ সন্দেহত চলিছে এই অভিযান।

বৃহৎ পৰিমাণৰ কৰ ফাকি দি অহাৰ সন্দেহত চলিছে এই অভিযান।

  • Share this:
যোৰহাটৰ বিশিষ্ট উদ্যোগপতি মাখন গট্টানিৰ ফেক্টৰী আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত ডিজিজিআইৰ ( Directorate General of Goods and Service tax Intelligence )ৰ এটা বৃহৎ দলে শনিবাৰে বিয়লিৰ পৰা অভিযান চলায়। জানিব পৰা মতে, মাখন গট্টানিৰ চিনামৰাস্থিত প্লাইউদৰ ফেক্টৰী , তেওঁৰ বাসগৃহ তথা এ টি ৰোডস্থিত ব্যৱসায়িক প্ৰতিষ্ঠান আৰু কাৰ্যালয়তো একেলগে ডিজিজিআইৰ বৃহৎ দলটোৱে অভিযান চলাইছে। এয়া জিএছটি সন্দৰ্ভত নথি-পত্ৰ পৰীক্ষা কৰাৰ এক নিয়মমাফিক অভিযান বুলি প্ৰাথমিকভাৱে জানিব পৰা গৈছে যদিও নিশা পৰ্যন্ত অব্যাহত থকা এই অভিযানকালত বিষয়াসকলে কোনো তথ্য অৱগত কৰা নাই।

আনহাতে, এই বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানটোত কৌশলেৰে জিএছটি ফাঁকি দি অহাৰ নিৰ্দিষ্ট খবৰৰ ভিত্তিতহে ডিজিজিআইয়ে অভিযান চলোৱাৰ তথ্য বিশেষ সূত্ৰৰ পৰা লাভৰ লগতে বহিঃৰাজ্যৰ পৰা অনা কাঠৰ পৰা প্ৰস্তুত কৰা প্লাইউডৰ ক্ষেত্ৰত মাখন গট্টানিৰ ব্যৱসায় প্ৰতিষ্ঠানে জিএছটিৰ অধীনত কিমান টকাৰ কৰ পৰিশোধ কৰিছে তথা প্লাইউডসমূহ ফেক্টৰিৰ পৰা বিক্ৰী কৰোতে কিমান মূল্যৰ ওপৰত জিএছটি পৰিশোধ কৰা হৈছে ইত্যাদি দিশসমূহ অভিযানকাৰী দলটোৱে পৰীক্ষা কৰিছে বুলিও জানিব পৰা গৈছে। যোৰহাটৰ এই বৃহৎ ঔদ্যোগিক প্ৰতিষ্ঠানটোত অভিযান চলাই ডিজিজিআইৰ দলটোৱে কি কি তথ্য লাভ কৰিলে বা কৰ ফাঁকিৰ কোনো তথ্য প্ৰমাণ লাভ কৰিলে নে নাই সেয়া অভিযানৰ অন্ততহে স্পষ্ট হ'ব।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি