মুখ্যপৃষ্ঠা » খবৰ

» অসম

»লখিমপুৰত DFO, ACF আৰু এজন গ্ৰেড ৱান বনকৰ্মীক গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই

লখিমপুৰত DFO, ACF আৰু এজন গ্ৰেড ৱান বনকৰ্মীক গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই

News18 Assam | News18-Assam
Updated:October 6, 2020, 9:06 AM IST
লখিমপুৰত DFO, ACF আৰু এজন গ্ৰেড ৱান বনকৰ্মীক গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই
নিশা অভিযান সামৰি তিনিওজনকে সদৰ আৰক্ষী থানাত ৰখাৰ পিছত আজি গুৱাহাটীলৈ নিয়াৰ সম্ভাৱনা আছে৷ 

নিশা অভিযান সামৰি তিনিওজনকে সদৰ আৰক্ষী থানাত ৰখাৰ পিছত আজি গুৱাহাটীলৈ নিয়াৰ সম্ভাৱনা আছে৷ 

  • Share this:
লখিমপুৰত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল DFO, ACF আৰু এজন গ্ৰেড ৱান বনকৰ্মী। লখিমপুৰত মাজনিশালৈ চলিল দুৰ্নীতি নিবাৰক শাখৰ অভিযান৷৷ লখিমপুৰ আৰক্ষীৰ সহযোগত DFO যাদৱ চন্দ্ৰ নাথ আৰু ACF জেচিন উদ্দিন আহমেদৰ চৰকাৰী বাসগৃহত তালাচী৷ বহু পৰিমাণৰ নগদ ধন জব্দ কৰিলে অভিযানকাৰী দলে৷

উল্লেখযোগ্য যে দুৰ্নীতি নিবাৰক শাখাই জিলা বন বিষয়া কাৰ্যালয়ৰ অন্য এজন গ্ৰেড ৱান বনকৰ্মীক গ্ৰেপ্তাৰ কৰিছে৷ প্ৰণৱ দত্ত নামৰ বনকৰ্মীজনে এজাহাৰকাৰী যুৱকজনৰ লগতে বিভিন্নজনক বিষয়াকেইজনৰ নিৰ্দেশত উৎকোচ দাবী আৰু ধন লেনদেন কৰিছিল৷

নিশা অভিযান সামৰি তিনিওজনকে সদৰ আৰক্ষী থানাত ৰখাৰ পিছত আজি গুৱাহাটীলৈ নিয়াৰ সম্ভাৱনা আছে৷ উল্লেখ যোগ্য যে যোৱা তিনিবছৰে এই তিনিজন বনদস্যুৱে লখিমপুৰত এক অৰাজক পৰিস্থিতি সৃষ্টি কৰিছিল৷

বনাঞ্চল ধংসকাৰীৰ পৰা উৎকোচ লোৱাৰ পৰা আৰম্ভ কৰি শিল–বালিৰ কোৱেৰী, টিম্বাৰ ডিপো আদিৰ পৰা সংগ্ৰহ কৰিছিল বৃহৎ পৰিমাণৰ ধন৷ অৱশেষত জমিৰ উদ্দিন নামৰ যুৱকজনে দুৰ্নীতি নিবাৰক শাখা ওচৰত দিয়া এখন এজাহাৰৰ ভত্তিত গ্ৰেপ্তাৰ কৰিছে ঘোচখোৰ বিষয়া কেইজনক।
Published by: Sanjay Kumar Das
First published: October 6, 2020, 9:06 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি