১০লাখ টকা, প্ৰেম আৰু প্ৰতাৰণা!

১০ লাখ টকাৰ বাবেই ৰুক্মিণীনগৰৰ এটা ভাড়াঘৰত হাতুৰীৰে মৰিয়াই হত্যাৰ চেষ্টা কৰা হৈছিল দেবীণা বৰুৱা নামৰ যুৱতীগৰাকীক

News18-Assam
Updated:August 9, 2019, 5:33 PM IST
১০লাখ টকা, প্ৰেম আৰু প্ৰতাৰণা!
১০ লাখ টকাৰ বাবেই ৰুক্মিণীনগৰৰ এটা ভাড়াঘৰত হাতুৰীৰে মৰিয়াই হত্যাৰ চেষ্টা কৰা হৈছিল দেবীণা বৰুৱা নামৰ যুৱতীগৰাকীক
News18-Assam
Updated: August 9, 2019, 5:33 PM IST
অগ্নিভ গগৈ : ১০ লাখ টকাৰ বাবেই ৰুক্মিণীনগৰৰ এটা ভাড়াঘৰত হাতুৰীৰে মৰিয়াই হত্যাৰ চেষ্টা কৰা হৈছিল দেবীণা বৰুৱা নামৰ যুৱতীগৰাকীক! এই পৰ্য্যন্ত আৰক্ষী নিশ্চিত হৈছে প্ৰেমিক শোণিত গোস্বামীয়েই এই নৃশংশ কাণ্ড সংঘটিত কৰিছে। এতিয়াও ৰহস্যৰ আৱৰ্তত সোমাই থকা এই ঘটনাৰ ক্লু’ লাভ কৰিছে আৰক্ষীয়ে । সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা দেবীণা বৰুৱাৰ প্ৰেমিক শোণিত গোস্বামীয়ে মুখ নুখুলিলেও আৰক্ষী নিশ্চিত হৈছে এই জঘন্য ঘটনা পাখণ্ড প্ৰেমিক শোণিত গোস্বামীয়েই সংঘটিত কৰিছে । আৰক্ষীয়ে জানিবলৈ দিয়া মতে প্ৰেমিক শোণিত গোস্বামীয়ে প্ৰায় ১০ লাখ টকা দিবলৈ আছিল প্ৰেমিকা দেবীণা বৰুৱাক । আৰু এই টকা ঘূৰাই নিদিয়াৰ বাবেই জঘন্যতম ভাবে দেবীণা বৰুৱাক হাতুৰীৰে মৰিয়াই হত্যাৰ চেষ্টা কৰিছিল শোণিত গোস্বামীয়ে ।



মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়ে জানিবলৈ দিয়া মতে যোৱা কিছুদিন ধৰি দুয়োৰে মাজত বাদ বিবাদ চলি আছিল আৰু ভাড়াঘৰৰ মালিকে এই কথা জানিবলৈ দিছে আৰক্ষীক । যুটীয়া আৰক্ষী আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়া মতে শোণিত গোস্বামীয়ে শেষবাৰৰ বাবে নিশা ২বজাত ফোন কৰিছিল দেবীণা বৰুৱাক । কিন্তু জেৰাৰ সময়ত শোণিত গোস্বামীয়ে নিশা ১২ বজাত শুই যোৱা বুলিহে আৰক্ষীক জানিবলৈ দিছে । ইফালে দেবীণা বৰুৱাৰ পৰিয়ালে জানিবলৈ দিয়া মতে যোৱা ৫বছৰ ধৰি দেবীণা বৰুৱাৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল শোণিত গোস্বামীৰ। কিন্তু শেহতীয়াকৈ দেবীণা বৰুৱাক বিয়া কৰাবলৈ সন্মত হোৱা নাছিল প্ৰেমিক শোণিত গোস্বামী । সম্প্ৰতি GNRC হাস্পতালত মৃত্যুৰ সৈতে যুজঁ দি আছে দেবীণা বৰুৱাই । চিকিৎসকে এতিয়াও স্বাস্থ্য ৰ অৱস্থা সংকতজনক বুলি news 18ক জানিবলৈ দিছে।
আৰু চাওক পৰৱৰ্তী বাতৰি