অপৰিৱৰ্তিত শিলচৰৰ বান পৰিস্থিতি ৷ বানত ডুব গৈছে চহৰখনৰৰ ন ন ঠাই ৷ নিশাৰ পৰা চহৰখনৰ বিবেকানন্দ ৰোড, তাৰাপুৰ, ইএন্ডি কলনীসহ ৰামনগৰ অঞ্চলত ডুব গৈছে পানীত (Flood Situation in Silchar)৷
চহৰখনৰ পাবলিক স্কুল ৰোড, সোণাই ৰোড, ৰাধামাধৱ ৰোড, পদ্ম নগৰ, ৰাঙ্গিৰখাড়িৰ অৱস্থা এতিয়াও ভয়াবহ ৷ ঘৰৰ প্ৰথম মহলাৰ ওপৰত উঠিছে পানী ৷ অট্টালিকাসমূহত এতিয়াও বন্দী হৈ আছে হাজাৰ হাজাৰ লোক৷
এনডিআৰএফ, এছডিআৰএফ, চিআৰপিএফ, বিএছএফসহ ভাৰতীয় সেনাৰ জোৱানসকলে উদ্ধাৰ অভিযান চলাই আছে ৷ কালি নিশালৈকে অভিযান চলাই বহু লোকক উদ্ধাৰ কৰা হৈছে ৷
আজি পুনৰ উদ্ধাৰকাৰ্য চলাই অভিযানকাৰী দলে ৷ ইপিনে খোৱাপানীসহ খাদ্য সামগ্ৰী বিচাৰি হাহাকাৰ লাগিছে আৱদ্ধসকলৰ মাজত ৷ অনাহাৰে দুদিন ধৰি চহৰত বন্দী হৈ আছে হাজাৰ হাজাৰ লোক l