• Home
  • »
  • News
  • »
  • assam
  • »
  • নিশা মালিগাঁৱৰ বি জি কলনীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা, ১০ টাতকৈ অধিক টিনৰ ঘৰ ভস্মীভূত

নিশা মালিগাঁৱৰ বি জি কলনীত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা, ১০ টাতকৈ অধিক টিনৰ ঘৰ ভস্মীভূত

এই জুইত নিমিষতেই শ্ৰমিক পৰিয়ালৰ লক্ষাধিক টকাৰ সা-সামগ্ৰী ছাইত পৰিণত হয়

এই জুইত নিমিষতেই শ্ৰমিক পৰিয়ালৰ লক্ষাধিক টকাৰ সা-সামগ্ৰী ছাইত পৰিণত হয়

এই জুইত নিমিষতেই শ্ৰমিক পৰিয়ালৰ লক্ষাধিক টকাৰ সা-সামগ্ৰী ছাইত পৰিণত হয়

  • Share this:
গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ গোটনাগৰস্থিত বি জি কলনীত নিশা বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। নিশা প্ৰায় ১১ বজাত সংঘটিত এই অগ্নিকাণ্ডত শ্ৰমিকসকলে বসবাস কৰা ১০ টাতকৈ অধিক টিনৰ ঘৰ ভস্মীভূত হয়। এই জুইত নিমিষতেই শ্ৰমিক পৰিয়ালৰ লক্ষাধিক টকাৰ সা-সামগ্ৰী ছাইত পৰিণত হয়।

উল্লেখ্য যে, ৰান্ধনী ঘৰৰ পৰা অগ্নিৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিয়ন্ত্ৰণৰ কৰিবলৈ সক্ষম হয়। লগতে নিশাই জালুকবাৰী আৰক্ষী চকী আৰু মালিগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ বুজ লয়।
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি