• Home
  • »
  • News
  • »
  • assam
  • »
  • ‘ড্ৰাগছৰ ৰাণী’ সংগীতাক এবছৰৰ ডিটেনচন, অসমত প্ৰথমবাৰলৈ অপৰাধীৰ বিৰুদ্ধে এই ব্যৱস্থা

‘ড্ৰাগছৰ ৰাণী’ সংগীতাক এবছৰৰ ডিটেনচন, অসমত প্ৰথমবাৰলৈ অপৰাধীৰ বিৰুদ্ধে এই ব্যৱস্থা

২০২০ চনত ক্ৰাইম ব্ৰাঞ্চে পল্টন বজাৰ এলেকাত অভিযান চলাই সংগীতা ৰাণীক ৭৫ লাখ নগধ টকাসহ গ্ৰেপ্তাৰ কৰিছিল৷

২০২০ চনত ক্ৰাইম ব্ৰাঞ্চে পল্টন বজাৰ এলেকাত অভিযান চলাই সংগীতা ৰাণীক ৭৫ লাখ নগধ টকাসহ গ্ৰেপ্তাৰ কৰিছিল৷

২০২০ চনত ক্ৰাইম ব্ৰাঞ্চে পল্টন বজাৰ এলেকাত অভিযান চলাই সংগীতা ৰাণীক ৭৫ লাখ নগধ টকাসহ গ্ৰেপ্তাৰ কৰিছিল৷

  • Share this:
মহানগৰ আৰক্ষীয়ে বিগত সময়ছোৱাত ড্ৰাগছ আৰু অন্যন্য নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান চলাই আছিছিল৷ ২০২০ চনৰ জুন মাহত বিশেষ সূত্ৰৰ তথ্যৰ ভিত্তিত মহানগৰ আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে অভিযান চলাইছিল পল্টনবজাৰ আৰক্ষী থানা এলেকাত৷ অভিযানত জব্দ হৈছিল ৭৫ লাখকৈ অধিক টকা৷ মহানগৰ আৰক্ষীৰ গোটেই অভিযানটো আছিল ড্ৰাগছৰ বিৰুদ্ধে৷ অভিযানত জব্দ কৰা ধন আছিল গুৱাহাটী তথা নামনি অসমত নিষিদ্ধ ড্ৰাগছৰ বজাৰ মেলা এল সংগীতা ৰাণীৰ৷

নিষিদ্ধ ড্ৰাগছৰ মূল কাণ্ডাৰী সংগীতা দেৱীক এবছৰৰ বাবে জামিনবিহীনভাৱে ডিটেনচন দিয়া হৈছে। ৰাজ্যপালে আৰক্ষীৰ আবেদনৰ ভিত্তিত সংগীতা ৰাণীক The Prevention of illicit traffic in narcotic drugs and psychotropic substance আইন ১৯৮৮ৰ অধীনত এবছৰৰ বাবে জামিনবিহীন ডিটেচনৰ অনুমতি দিয়ে৷

২০২০ চনত ক্ৰাইম ব্ৰাঞ্চে পল্টন বজাৰ এলেকাত অভিযান চলাই সংগীতা ৰাণীক ৭৫ লাখ নগধ টকাসহ গ্ৰেপ্তাৰ কৰিছিল৷ সংগীতা ৰাণীক গ্ৰেপ্তাৰৰ পিছতে ক্ৰাইম ব্ৰাঞ্চ তথা মহানগৰ আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল কেইবালাখ টকাৰ নিষিদ্ধ ড্ৰাগছ৷ অসমত প্ৰথম বাৰৰ বাবে PITNDPS 1988 আইনৰ অধীনত এবছৰলৈ কোনোবা অপৰাধীক ডিটেনচন দিয়া হৈছে৷ এই আইন NSA দৰে য’ত ১ বছৰলৈ কোনোধৰণৰ জামিনৰ সুবিধা নাথাকে৷

এল সংগীতা ৰাণীৰ বিৰুদ্ধে  অকল গুৱাহাটীতে কেইবাখনো আৰক্ষী থানাত গোচৰ ৰুজু হৈ আছে৷ যেনে 1). Basistha ps case no 449/19 us 22 NDPS Act, 2) Dispur ps case no 233/18 us 21(b)/29 NDPS Act, 3) Paltanbazar ps case no 501/20 us 27A/29 NDPS Act।

মহানগৰীত ৰুজু হৈ থকা গোচৰসমূহৰ ভিত্তিতে গুৱাহাটী আৰক্ষীয়ে অসম চৰকাৰলৈ সংগীতা  ৰাণীক The Prevention of illicit traffic in narcotic drugs and psychotropic substance আইন ১৯৮৮ আইনত ডিটেনচৰ বাবে আবেদন কৰিছিল৷ আবেদনৰ সময়ত সংগীতা ৰাণীৰ অধিবক্তায়ো ডিটেনচনৰ বিৰুদ্ধে যুক্তি প্ৰৰ্দশন কৰিছিল যদিও গৃহ বিভাগৰ ফালৰ পৰা নিয়োজিত এডৱাইজৰী কমিটীয়ে যুক্তি নাকচ কৰি ৰাজ্যপালৰ ওচৰলৈ প্ৰেৰণ কৰিছিল৷ এডভাইজৰী কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্যপালে কুখ্যাত ড্ৰাগছৰ সৰবৰাহকাৰী এল সংগীতা ৰাণীক এক বছৰ ডিটেনচন দিয়ে৷
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি