মুখ্যপৃষ্ঠা »খবৰ »অসম »থোৰতে জানো আহক অসম ৰাজ্যিক কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

থোৰতে জানো আহক অসম ৰাজ্যিক কেবিনেট বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

অভ্যন্তৰীণ নগৰীয়া অঞ্চলৰ পুনৰ্বিকাশৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ বাবে উন্নয়ন অধিকাৰ হস্তান্তৰৰ অসম ৰাজ্যিক নীতিত অনুমোদন।

অভ্যন্তৰীণ নগৰীয়া অঞ্চলৰ পুনৰ্বিকাশৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ বাবে উন্নয়ন অধিকাৰ হস্তান্তৰৰ অসম ৰাজ্যিক নীতিত অনুমোদন।

  • Share this:
দেওবাৰে অসম চৰকাৰে কেবিনেট বৈঠকত লোৱা গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ এনেধৰণৰ–

নগৰীয়া বিকাশৰ পৰিকল্পনাঃ

  •  ৰাজ্যত পৰিকল্পিত বহনক্ষম নগৰ বিকাশ কেন্দ্ৰ গঢ়ি তোলাৰ লক্ষ্যৰে 'আছাম ষ্টেট ট্ৰেনজিট অৰিয়েণ্টেড ডেভেলপমেন্ট পলিচী'ত অনুমোদন।


দুৰ্যোগ আশংকা হ্ৰাসৰ ৰূপৰেখাঃ

  • লোকচান আৰু ক্ষয়-ক্ষতি হ্ৰাসৰ লগতে বিভিন্ন দুর্যোগ / জলবায়ু পৰিৱৰ্তনৰ বিপদাশংকা, বিভিন্ন সম্প্ৰদায়ৰ স্থিতিস্থাপকতা শক্তিশালী কৰাৰ বাবে এক 'ভিজন ডকুমেণ্ট' হিচাপে অসম দুর্যোগ আশংকা হ্রাস ৰূপৰেখা, ২০৩০ত অনুমোদন।

  • অসম দুর্যোগ আশংকা হ্রাস ৰূপৰেখা গ্ৰহণ আৰু অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা সমন্বিত হ'ব লগা সংশ্লিষ্ট বিভাগসমূহৰ কাৰ্য পৰিকল্পনা ৰূপায়ণত অধিসূচনা জাৰি।

  • ২০২৩-২৪ বিত্তীয় বৰ্ষৰ পৰা আৰম্ভ কৰি স্থিতিস্থাপকতা বাজেট বিবৃতিৰ জৰিয়তে ৰূপৰেখাৰ কাৰ্যসমূহ ৰূপায়ণৰ বাবে দৰমহাহীন ৰাজ্যিক বাজেটৰ ৩% ধাৰ্য।


নতুন বিশ্ববিদ্যালয়ত অনুমোদনঃ

  • দুখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনত অনুমোদন।

  • গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়, অসম (মূল চৌহদ আজাৰা, গুৱাহাটী আৰু অতিৰিক্ত চৌহদ ডেকাৰগাঁও, তেজপুৰ)।

  • প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় (হাজংবাৰী, চন্দ্ৰপুৰ চৌহদ)।


অসম্পূৰ্ণ গোচৰ প্ৰত্যাহাৰকৰণঃ

সমগ্ৰ অসমত অধীনস্থ আদালতত সৰু অপৰাধমূলক গোচৰবোৰ ফৌজদাৰী প্ৰক্ৰিয়া বিধি (crpc), ১৯৭৩ৰ ধাৰা ৩২১ প্ৰয়োগ কৰি ৬ মাহৰ ভিতৰত প্ৰত্যাহাৰ কৰা হ'ব।

  • গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশনা আৰু সংশ্লিষ্ট গোচৰৰ বাবে পৰৱৰ্তী নিৰ্ধাৰিত তাৰিখত উপযুক্ত আবেদন দাখিলৰ বাবে ৰাজহুৱা অধিবক্তা আৰু অতিৰিক্ত/সহকাৰী ৰাজহুৱা অধিবক্তাক কর্তৃত্ব প্ৰদান আৰু লগতে বিতং sop তৎক্ষণাত জাৰি কৰিব।


লাভসমূহ

  • অসম্পূর্ণ গোচৰ হ্ৰাস কৰা, যাৰ ফলত আদালতে গুৰুত্বৰ অপৰাধ আৰু অন্যান্য গোচৰত অধিক সময় দিব পাৰিব।

  • পূৰ্বতে উল্লেখ কৰা সৰু গোচৰত অভিযুক্তসকলক বিচাৰৰ অধীনত মুকলি কৰি কাৰাগাৰত কয়দী হ্ৰাস কৰা।

  • শুনানিত উপস্থিত থাকি মূল্যৱান সময় আৰু ধন খৰচ কৰিবলগীয়া হোৱা সাক্ষীসকলৰ বাবে সকাহ।

  • দ্রুত বিচাৰৰ অধিকাৰ নিশ্চিতকৰণ।


শ্বেত বিপ্লৱৰ দিশত সবল খোজঃ

  • অসম দুগ্ধ উন্নয়ন পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ অসম চৰকাৰ আৰু ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন পৰিষদে গঠন কৰা যৌথ উদ্যোগ কোম্পানীলৈ ভূমি লীজ।

  • চৰকাৰৰ দ্বাৰা গাখীৰ প্ৰক্ৰিয়াকৰণ প্রকল্প স্থাপনৰ বাবে যোৰহাট আৰু ডিব্ৰুগড়ত ভূমি পট্টা চুক্তি কাৰ্যকৰীকৰণ।


পলিটেকনিক, আই.টি.আই.ৰ উন্নীতকৰণঃ

  • টাটা টেকন'লজিছ লিমিটেডৰ সৈতে ৮৭:১৩ শ্বেয়াৰত ৩৪ টা পলিটেকনিক আৰু ৪৩ খন চৰকাৰী আই.টি.আই.ক উৎকর্ষ কেন্দ্ৰলৈ উন্নীতকৰণৰ বাবে প্ৰায় ৩৬৬ কোটি টকাৰ প্ৰশাসনিক অনুমোদন।

  • সামগ্রিক প্রকল্প ব্যয় ২,৩৯০ কোটি টকা।


লাভালাভ

  • এই প্রকল্পই প্ৰতি বছৰে ১৫-২০ হাজাৰ শিক্ষাৰ্থীক উদ্যোগ ৪.০ৰ সৈতে জড়িত নতুন প্রযুক্তি শিকাৰ সুযোগ প্ৰদান কৰিব।


বড়ো শিক্ষাত উদগনিঃ

  • প্রাদেশিকীকৃত মহাবিদ্যালয়সমূহত বড়ো বিভাগৰ শিক্ষকৰ খালী পদ পূৰণৰ হেতু পদসমূহ সংশোধিত অসম অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি (সেৱা আৰু পদত খালী পদ সংৰক্ষণ) আইন, ১৯৭৮ৰ অধীনস্থ ‘ৰোষ্টাৰ’ আওতাৰ পৰা ৰেহাই আৰু লগতে অ' বি চি/এম অ’ বি চি সংৰক্ষণৰ আওতাৰ পৰা ৰেহাই দিয়া হ'ব।


ভূমি অধিগ্রহণ সুশৃংখলিতকৰণঃ

  • অভ্যন্তৰীণ নগৰীয়া অঞ্চলৰ পুনৰ্বিকাশৰ বাবে ভূমি অধিগ্ৰহণৰ প্ৰক্ৰিয়া সুশৃংখলিত কৰাৰ বাবে উন্নয়ন অধিকাৰ হস্তান্তৰৰ অসম ৰাজ্যিক নীতিত অনুমোদন।

শেহতীয়া বাতৰি