দেৰগাঁৱৰ আফাজুৰে নিৰ্মাণ কৰি উলিয়ালে সৌৰশক্তিচালিত বাহন, কি কি আছে বাহনখনত?

সৌৰশক্তিচালিত বাহনখনত আছে অত্যাধুনিক সা–সুবিধা। চালক অবিহনেও ম’বাইলৰ দ্বাৰা চলাব পাৰি বাহনখন।

News18-Assam
Updated:September 17, 2019, 6:01 PM IST
দেৰগাঁৱৰ আফাজুৰে নিৰ্মাণ কৰি উলিয়ালে সৌৰশক্তিচালিত বাহন, কি কি আছে বাহনখনত?
সৌৰশক্তিচালিত বাহনখনত আছে অত্যাধুনিক সা–সুবিধা। চালক অবিহনেও ম’বাইলৰ দ্বাৰা চলাব পাৰি বাহনখন।
News18-Assam
Updated: September 17, 2019, 6:01 PM IST
দেৰগাঁৱৰ বালিবাটৰ আফাজুৰ ৰহমান নামৰ এজন যুৱকে নিৰ্মাণ কৰি উলিয়াইছে এখন সৌৰশক্তিচালিত বাহন। প্ৰবল উদ্ভাৱনী শক্তিৰ অধিকাৰী আফাজুৰে ইয়াৰ পূৰ্বে বিভিন্ন সামগ্ৰীৰ লগতে পেলনীয়া সামগ্ৰীৰে নিৰ্মাণ কৰি উলিয়াইছিল অত্যাধুনিক ৰবট। ৰবট বনাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা আফাজুৰে এইবাৰ নিৰ্মাণ কৰিলে আকৰ্ষণীয় সৌৰশক্তিচালিত বাহন।

এটা বছৰৰ নিৰলস প্ৰচেষ্টাৰে এপদ এপদকৈ সামগ্ৰী সংগ্ৰহ কৰি এই চাৰিচকীয়া বাহনখন নিৰ্মাণ কৰি উলিয়াইছে যুৱকজনে। সৌৰশক্তিচালিত বাহনখনত আছে অত্যাধুনিক সা–সুবিধা। চালক অবিহনেও ম’বাইলৰ দ্বাৰা চলাব পাৰি বাহনখন। আছে মিউজিক ছিষ্টেম, কেমেৰাৰ ব্যৱস্থা। গাড়ীখন কোনোবাই চুলেই গম পাব আফাজুৰে।

গাড়ীত সংযুক্ত চলাৰ প্লেটৰ জড়িয়তে দিনত ননষ্টপ চলাব পাৰিব গাড়ীখন। নিশাৰ ভাগত ৬ ঘণ্টা চলাব পাৰিব গাড়ীখন। এই সৌৰশক্তিচালিত গাড়ীখন আনুষ্ঠানিকভাৱে মুকলি কৰিবৰ বাবে মঙলবাৰে নিজ বাসগৃহতে আয়োজন কৰিলে এক অনুষ্ঠানৰ। আফাজুৰৰ মতে, সুবিধা পালে এমাহ দুমাহৰ ভিতৰতে নিৰ্মাণ কৰিব পাৰিব এনে গাড়ী।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি