ডকাইতে লুটি নিলে অভিনেতা নয়ন নিৰ্বানৰ ধন আৰু বহু প্ৰয়োজনীয় সামগ্ৰী

News18 Assam | News18-Assam
Updated:December 26, 2019, 3:25 PM IST
ডকাইতে লুটি নিলে অভিনেতা নয়ন নিৰ্বানৰ ধন আৰু বহু প্ৰয়োজনীয় সামগ্ৰী
Source-google

দেৰগাঁৱত সংঘটিত হৈছে ডকাইতি কাণ্ড। দেৰগাঁৱৰ চৰাই চাপৰিত  লুইত পৰীয়া থিয়েটাৰ চলি থকাৰ সুযোগ লৈ ডকাইতে থিয়েটাৰৰ অভিনেতা অভিনেত্ৰী থকা দুটাতৈ বাসগৃহত চলালে লুটপাত।

  • Share this:
দেৰগাঁৱত সংঘটিত হৈছে ডকাইতি কাণ্ড। দেৰগাঁৱৰ চৰাই চাপৰিত  লুইত পৰীয়া থিয়েটাৰ চলি থকাৰ সুযোগ লৈ ডকাইতে থিয়েটাৰৰ অভিনেতা অভিনেত্ৰী থকা দুটাতৈ বাসগৃহত চলালে লুটপাত।

থিয়েটাৰ উদযাপন সমিতিৰ সম্পাদক যুক্তি শইকীয়াৰ বাসগৃহৰ পৰা লুটিলে থিয়েটাৰ বাবে সংগৃহীত পুজি আৰু লক্ষাধিক টকাৰ অলংকাৰ। আনকি লুইতপৰীয়া থিয়েটাৰৰ মুখ্য অভিনেতা নয়ন নিৰ্বানে আশ্ৰয় লোৱা দিবাকৰ শইকীয়াৰ ঘৰতো সংঘটিত হ’ল ডকাইতি কাণ্ড। অভিনেতাজনৰ বৃহৎ পৰিমানৰ ধনৰ লগতে কিছু অলংকাৰো লুটি নিয়ে ডকাইতৰ দলে।

পিছত ঘটনা সন্দৰ্ভত নয়ন নিৰ্বান থকা ঘৰটোত উপস্থিত হয় আৰক্ষীৰ দল। বৰ্তমান আৰক্ষীয়ে ডকাইতৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছে।

 
আৰু চাওক
পৰৱৰ্তী বাতৰি