বোকাখাতৰ আবকাৰী উপ–অধীক্ষকৰ উদ্ভট মন্তব্য, গোলাঘাটৰ দুৰ্ঘটনা হেনো এক সাধাৰণ ঘটনা

সুৰা ব্যৱসায়ীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যৰে আবকাৰী বিষয়াই এনে মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে

News18-Assam
Updated:September 26, 2019, 3:48 PM IST
বোকাখাতৰ আবকাৰী উপ–অধীক্ষকৰ উদ্ভট মন্তব্য, গোলাঘাটৰ দুৰ্ঘটনা হেনো এক সাধাৰণ ঘটনা
সুৰা ব্যৱসায়ীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যৰে আবকাৰী বিষয়াই এনে মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে
News18-Assam
Updated: September 26, 2019, 3:48 PM IST
গোলাঘাটৰ মৰঙীসাৰ গাঁৱৰ ঘটনা এক সাধাৰণ দুৰ্ঘটনা। ডাম্পাৰৰ সৈতে সংঘৰ্ষ হৈ তিনিজনৰ মৃত্যু হোৱা ঘটনা এক আকস্মিক দুৰ্ঘটনাহে। এই উদ্ভট মন্তব্য গোলাঘাট জিলাৰ বোকাখাতৰ আবকাৰী উপ–অধীক্ষক শান্তনু হাজৰিকাৰ। গোলাঘাটৰ মৰঙী সাৰ গাঁৱত শোকাৱহ পথ দুৰ্ঘটনাত আবকাৰী বিষয়াসহ তিনিজনৰ মৃত্যু হোৱা ঘটনাক বিভিন্ন পক্ষই এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰাৰ সময়তে বোকাখাতৰ এইজন আবকাৰী বিষয়াই এক সাধাৰণ ঘটনা বুলি মন্তব্য কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

যিহেতু অৰুণাচলী সুৰাৰ কৰিডৰ হিচাপে চিহ্নিত গোলাঘাট জিলাৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথ। অবৈধ সুৰা ব্যৱসায়ী চক্ৰৰ সৈতে গোলাঘাটৰ আবকাৰী বিভাগৰ গোপন বুজাবুজিৰ অভিযোগ দীৰ্ঘদিনীয়া। এই সুৰা ব্যৱসায়ীসকলক ৰক্ষণাবেক্ষণ দিয়াৰ উদ্দেশ্যৰে আবকাৰী বিষয়াই এনে মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে। গোলাঘাটৰ এই শোকাৱহ দুৰ্ঘটনাক গুৰুত্ব প্ৰদান কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে তদন্তৰ ঘোষণা কৰা সময়তে এজন আবকাৰী বিষয়াৰ এনে মন্তব্য ৰহস্যজনক।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি