জম্মু–কাশ্মীৰৰ কুলগ্ৰাম জিলাৰ বটগ্ৰামত ভাৰতীয় সীমা সুৰক্ষা বলৰ ৫৮নং বেটেলিয়নত উপপৰিদৰ্শক হিচাপে কৰ্মৰত নগাঁও জিলাৰ বেবেজীয়াৰ কুৰুৱাবাহীৰ দুলাল চন্দ্ৰ শৰ্মাই কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হৈ অকাল মৃত্যুক সাৱটি লয়।
কৰ্তব্যৰত অৱস্থাত দুলাল চন্দ্ৰ শৰ্মাই ১৭ ছেপ্টেম্বৰত মেচত নিশাৰ আহাৰ গ্ৰহণ কৰি তৃতীয় মহলাৰ পৰা তললৈ নামি আহোঁতেই খটখটিৰ পৰা পিছলি প্ৰায় ৮ ফুট তলত পৰাত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছিল। পিছত লগে লগে শৰ্মাক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল যদিও আঘাত যথেষ্ট হোৱাত ১৯ ছেপ্টেম্বৰত চিকিৎসাধীন অৱস্থাত শৰ্মাই মৃত্যুক সাৱটি লয়।
জম্মু কাশ্মীৰত অকাল মৃত্যুক সাবটি লোৱা দুলাল শৰ্মাৰ নশ্বৰ দেহ বুধবাৰে দুপৰীয়া তেওঁৰ কুৰুৱাবাহীৰ নিজ বাসগৃহ আহি পায়হি। শৰ্মাৰ মৃতদেহ নিজ বাসগৃহ আহি পোৱাৰ লগে লগে শোকাকুল পৰিবেশৰ সৃষ্টি হয়। অঞ্চলৰ ৰাইজে জানিবলৈ দিয়া মতে, অতি অমায়িক আৰু নিষ্ঠাৱান দুলাল শৰ্মাই দুই এদিনতে ছুটী লৈ ঘৰলৈ অহা কথা আছিল।
ইতিমধ্যে ভাৰতীয় সীমা সুৰক্ষা বলত উপপৰিদৰ্শক গৰাকীক শোকাকুল অৱস্থাৰ মাজতেই আজি সামৰিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হয়। জম্মু কাস্মীৰৰ পৰা অহা সেনাবাহিনীৰ লগতে নগাঁও জিলা আৰক্ষী আৰু প্ৰশাসনৰ লোক শৰ্মাৰ বাসগৃহত উপস্থিত থাকি তেওঁক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
দুলাল শৰ্মাৰ শেষ শ্ৰদ্ধা অনুষ্ঠানত নগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত গায়ত্ৰী শৰ্মাৰ লগতে নগাঁও উপ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুম্বাং, বেবেজীয়াৰ পহৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কল্যাণ গগৈ উপস্থিত থাকে। উল্লেখযোগ্য জম্মু কাশ্মীৰত অকাল মৃত্যুক সাবটি লোৱা দুলাল শৰ্মাই মৃত্যুৰ সময়ত মাতৃ, পত্নী, পুত্ৰক ইহসংসাৰত এৰি থৈ গৈছে।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|