ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এগৰাকী IAS বিষয়া। দুৰ্যোগৰ সময়ত ব্যতিক্ৰমী ৰূপত দেখা গ’ল কাছাৰৰ উপায়ুক্ত কীৰ্তি জলিক। বোকা–পানী গছকি নাৱত বানপীড়িত এলেকাৰ বুজ লোৱা উপায়ুক্তগৰাকীৰ ফটো বৰ্তমান ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ছচিয়েল মিডিয়াত জনপ্ৰিয় হোৱাৰ অসুস্থ প্ৰতিযোগিতা আৰু কৃতিত্ব দাবীৰ অশুভ পৰম্পৰাৰ মাজতে একাংশ লোকে নীৰৱে নিজৰ কাম কৰি যায়। বহু চৰকাৰী বিষয়া আছে যিসকলে পদ মৰ্যাদাৰ অহংকাৰৰত গদগদ হৈ নাথাকি নিজৰ কাৰ্য সম্পাদন কৰে মনে মনে। দুৰ্যোগৰ সময়ত দুৰ্গতৰ কাষত থিয় হৈ কাছাৰৰ উপায়ুক্ত কীৰ্তি জলিয়ে দেখুৱালে কৰ্ম–সংস্কৃতিৰ নিদৰ্শন।
কাছাৰৰ জিলা উপায়ুক্ত কীৰ্তি জলিয়ে এইদৰে বোকা পানী গছকি বান পীড়িত এলেকা ভ্ৰমণ কৰাৰ দৃশ্য ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। এগৰাকী সাধাৰণ লোকৰ দৰেই বোকা পানী গছকি বান বিধ্বস্ত লোকসকলৰ পৰিস্থিতিৰ বুজ লৈছে কীৰ্তি জলিয়ে। উল্লেখযোগ্য যে বৰাক নৈৰ পানীয়ে কাছাৰ জিলাত সংহাৰৰ সৃষ্টি কৰিছে।
Published by: Sanjay Kumar Das
FIRST PUBLISHED : May 26, 2022, 09:37 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|