জলবোৰ্ড ঠিকা প্ৰতিষ্ঠানৰ ভুলৰ বাবে স্কুলীয়া শিক্ষাৰ্থীয়ে মৃত্যুক সাৱটি লোৱাৰ পিছত কঠোৰ প্ৰশাসন। কামৰূপ মহানগৰ জিলা উপাযুক্ত পল্লৱ গোপাল ঝাই জলবোৰ্ডৰ অধীনত কোনে ক’ত কাম কৰি আছে তাৰ তথ্য বিচাৰিছে।
কোন জলবোৰ্ডৰ অভিযন্তাৰ অধীনত কোন ঠিকা প্ৰতিষ্ঠানে লাভ কৰিছে ঠিকা ৷ নিয়োজিত অভিযন্তা তথা ঠিকাদাৰৰ নাম–তথ্য লাগে উপাযুক্তগৰাকীক ৷ ২৪ ঘণ্টাৰ ভিতৰত এই তথ্য প্ৰদানৰ নিৰ্দেশ উপাযুক্তগৰাকীৰ ৷
জলবোৰ্ড বিষয়াৰ পৰা তথ্য লাগে উপাযুক্তগৰাকীক ৷ কিয়নো ঠিকা প্ৰতিষ্ঠানে ভুল কৰিলে এতিয়াৰ পৰা প্ৰতিষ্ঠানটো মাথোঁ দায়ী নহয়, দায়ী হ’ব ঠিকা প্ৰতিষ্ঠানটোৰ দায়িত্বত থকা নিৰ্দিষ্ট অভিযন্তাগৰাকী ৷ নিৰ্মাণ, সাৱধানমূলক কাম–কাজৰ পৰা সকলো ৰূপে দায়িত্বত থাকিব অভিযন্তাগৰাকী ৷ এই গুৰুত্বপূৰ্ণ নিৰ্দেশ কামৰূপ মহানগৰ জিলা উপাযুক্তগৰাকীৰ ৷
বৃহস্পতিবাৰৰ ঘটনাক লৈ জিলা উপাযুক্তৰ মন্তব্য যে গুৱাহাটীত বিভিন্ন বিভাগৰ সমন্বয়ৰ অভাৱ ৷ বিভাগীয় সমন্বয়ৰ অভাৱত কোনে কাৰ অনুমতি লৈ কাম কৰিছে তাৰ কোনো হিচাপ নাই ৷ এনে সমন্বয়হীনতাৰ বাবে বিভাগত খেলমেলি হোৱাৰ অভিযোগ ৷
ইপিনে পথ খান্দি গাঁত সৃষ্টি কৰা ঠিকা প্ৰতিষ্ঠানে সময়ে সময়ে জনতাক বিভ্ৰান্তি কৰাৰ অভিযোগ ৷ গাঁত সৃষ্টি কৰা প্ৰতিষ্ঠানে সাধাৰণতে পুনৰ পথ মেৰামেতিৰ দায়িত্বৰ কথা অস্বীকাৰ কৰিলেও উপায়ুক্তগৰাকীৰ স্পষ্ট মত– পথ খন্দা ঠিকা প্ৰতিষ্ঠানে পুনৰ নিৰ্মাণ কৰিব লাগিব পথ ৷ আন প্ৰতিষ্ঠান তথা বিভাগলৈ পথ মেৰামতিৰ দায়িত্ব থেলাটো কোনো কাৰণত নচলিব ৷ এই নিৰ্দেশ জিলা উপাযুক্তগৰাকীৰ ৷ বৃহস্পতিবাৰৰ ঘটনা দুৰ্ভাগ্যজনক বুলি আখ্যা দি উপাযুক্তগৰাকীয়ে ঘটনাৰ অচিৰেই ব্যৱস্থা লোৱা হ’ব বুলিও মন্তব্য কৰে।
- First Published :