• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমত পুনৰ হ'ব চিপাহী বিদ্ৰোহ, বঞ্চিত চিপাহীয়ে ঘেৰাও কৰিব পাৰে ৰাজভৱন

অসমত পুনৰ হ'ব চিপাহী বিদ্ৰোহ, বঞ্চিত চিপাহীয়ে ঘেৰাও কৰিব পাৰে ৰাজভৱন

নগাঁৱত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সংবাদমেলত সিদ্ধান্ত

নগাঁৱত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সংবাদমেলত সিদ্ধান্ত

নগাঁৱত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সংবাদমেলত সিদ্ধান্ত

  • Share this:

পুনৰ অসমত হ'ব চিপাহী বিদ্ৰোহ। প্ৰাপ্যৰ পৰা বঞ্চিত গৃহৰক্ষীৰ জোৱানসকলে অহা ২ অক্টোবৰৰ পৰা নিজৰ অধিকাৰৰ দাবীত ৰাজপথত আন্দোলন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ জোৱানসকলে দেওবাৰে সন্ধিয়া নগাঁও প্ৰেছ ক্লাবত এক সংবাদ মেলৰ আয়োজন কৰি এই সিদ্ধান্তৰ বিষয়ে জনায়।


সংবাদমেল সম্বোধন কৰি  দুয়োটা সংগঠনৰ বিষয়ববীয়াসকলে কয় যে ৰাজ্যৰ প্ৰায় ২৫ হাজাৰ গৃহৰক্ষী জোৱানৰ মৌলিক সমস্যা সমাধানৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন চৰকাৰখনে কোনো গুৰুত্ব আৰোপ নকৰে, কেৱল প্ৰতিশ্ৰুতিৰ বন্যাহে বোৱাই গৃহৰক্ষী জোৱানসকলক প্ৰৱঞ্চনা কৰি আহিছে।


সেয়ে বিজেপিৰ এই ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে অহা ২ অক্টোবৰৰ পৰা গুৱাহাটীত কেন্দ্ৰীয়ভাৱে অৰ্নিদিষ্টকালীন অনশন ধৰ্মঘট কাৰ্যসূচী পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে পৰৱৰ্তী সময়ত গুৱাহাটী ক্লাবৰ পৰা গৃহৰক্ষীৰ জোৱানসকলে পদযাত্ৰা কৰি ৰাজভৱন ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব  বুলি সংগঠন দুটাই সিদ্ধান্ত গ্ৰহণ কৰিছে।


ইয়াৰ উপৰি সংগঠন দুটাই অনিৰ্দিষ্ট কৰ্মবিৰতি পালন কৰিব বুলি জানিবলৈ দিয়ে। সংবাদমেলখনত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ সভাপতি কামাখ্যা দাস, যুটীয়া সম্পাদক ইক্ৰাম আলী আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থাৰ উপদেষ্টা নিৰ্মল কোচৰ লগতে সভাপতি ৰঞ্জিত দাস উপস্থিত থাকে।

Published by:Gautam Barman
First published: