• Home
  • »
  • News
  • »
  • assam
  • »
  • Adulterated Milk and Sweets : গাখীৰৰ নামত বৰবিহ খাইছে নেকি ৰাজ্য়বাসীয়ে ! যোৰহাটত বিক্ৰী কৰা গাখীৰ, মিঠাইৰ পৰীক্ষাত ভয়ংকৰ তথ্য

Adulterated Milk and Sweets : গাখীৰৰ নামত বৰবিহ খাইছে নেকি ৰাজ্য়বাসীয়ে ! যোৰহাটত বিক্ৰী কৰা গাখীৰ, মিঠাইৰ পৰীক্ষাত ভয়ংকৰ তথ্য

Adulterated Milk and Sweets : যোৰহাটত ৫০% গাখীৰৰ নমুনাই অতি নিম্নমানৰ বুলি খাদ্য সুৰক্ষা বিভাগৰ পৰীক্ষাত প্ৰকাশ, প্ৰা. ৩০ শতাংশ মিঠাি অতি নিম্ন মানৰ বুলি পৰীক্ষাত ধৰা পৰিছে।

Adulterated Milk and Sweets : যোৰহাটত ৫০% গাখীৰৰ নমুনাই অতি নিম্নমানৰ বুলি খাদ্য সুৰক্ষা বিভাগৰ পৰীক্ষাত প্ৰকাশ, প্ৰা. ৩০ শতাংশ মিঠাি অতি নিম্ন মানৰ বুলি পৰীক্ষাত ধৰা পৰিছে।

Adulterated Milk and Sweets : যোৰহাটত ৫০% গাখীৰৰ নমুনাই অতি নিম্নমানৰ বুলি খাদ্য সুৰক্ষা বিভাগৰ পৰীক্ষাত প্ৰকাশ, প্ৰা. ৩০ শতাংশ মিঠাি অতি নিম্ন মানৰ বুলি পৰীক্ষাত ধৰা পৰিছে।

  • Share this:
আপুনি আৰু আপোনাৰ সন্তানে খোৱা গাখীৰখিনি (Milk) কিমান বিশুদ্ধ ! যোৰহাট (Jorhat) নগৰ অঞ্চলত বিক্ৰী কৰা পঞ্চাশ শতাংশ গাখীৰেই অতি নিম্নমানৰ (Low Quality Milk) বুলি পৰীক্ষাত ধৰা পৰিছে । অনুৰূপ ধৰণে অতি নিম্ন মানৰ মিঠাই (Sweets) বিক্ৰী কৰি গ্ৰাহকক ৰামঠগন দি আহিছে একাংশ ব্যৱসায়ীয়ে । খাদ্য সুৰক্ষা বিভাগে যোৰহাট নগৰত দুদিন ধৰি চলোৱা অভিযানত পোহৰলৈ আহিছে এই তথ্য ।

যোৰহাট নগৰ অঞ্চলত গ্ৰাহকসকলে প্ৰতি লিটাৰত ৫৫-৫৬ টকা দি ক্ৰয় কৰি নিয়া গাখীৰবোৰ কিমান বিশুদ্ধ ! খাদ্য সুৰক্ষা বিভাগৰ (Food Safety Department) পৰীক্ষাগাৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে অতি উদ্বেগজনক তথ্য। যোৰহাটত গাখীৰৰ নামত গ্ৰাহকক ৰামঠগন দি আহিছে একাংশ ব্যৱসায়ীয়ে । যোৰহাট নগৰৰ বিভিন্ন স্থানত বিক্ৰী কৰা গাখীৰৰ ৫০% নমুনাই অতি নিম্ন মানৰ বুলি পোহৰলৈ আহিছে।

চৰকাৰৰ খাদ্য সুৰক্ষা বিভাগৰ ভ্ৰাম্যমাণ পৰীক্ষাগাৰত (Food Safety on Wheel) যোৰহাট নগৰত পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা ৩২টা গাখীৰৰ নমুনাৰ ১৬টায় অতি নিম্ন মানৰ বুলি পৰীক্ষাৰ ফলাফলত পোহৰলৈ আহিছে । অতি নিম্নমানৰ গাখীৰ বুলি পৰীক্ষাত ধৰা পৰিছে গ্ৰেটাৰ যোৰহাট মিল্ক ইউনিয়ন ছচাইটীৰ দ্বাৰা পেকেট কৰি বিক্ৰী কৰা গাখীৰসমূহো। যোৰহাটত বহুল ভাৱে বিক্ৰী হয় এই গাখীৰৰ পেকেটসমূহ। যোৰহাটত খাদ্য সুৰক্ষা বিভাগে ভ্ৰাম্যমাণ পৰীক্ষাগাৰৰ জৰিয়তে পৰীক্ষা কৰা গাখীৰসমূহৰ মান অতিক নিম্নমানৰ ।

"আমি যোৰহাট নগৰ অঞ্চলৰ পৰা ৩২টা গাখীৰৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰিছিলোঁ। ইয়াৰে ১৬টা নমুনা পৰীক্ষাৰ ফলাফলত অতিকৈ নিম্নমানৰ বুলি প্ৰমাণিত হৈছে । এই গাখীৰসমূহত থাকিব লগা পুষ্টিকৰ উপাদানসমূহৰ পৰিমাণ অতিকৈ নগণ্য । আমি এনে গাখীৰ যোগান ধৰা প্ৰতিষ্ঠানৰ বিৰুদ্ধে যাৱতীয় ব্যৱস্থা ল'বলৈ আগবাঢ়িছোঁ । এনে এটা প্ৰতিষ্ঠান হ'ল গ্ৰেটাৰ যোৰহাট মিল্ক ইউনিয়ন ছচাইটী । এই ছচাইটীয়ে পেকেট কৰি বিক্ৰী কৰা গাখীৰসমূহৰ মান অতি নিম্নমানৰ বুলি পৰীক্ষাত পোৱা গৈছে।" খাদ্য সুৰক্ষা বিভাগৰ ডেজিগনেটেড বিষয়া হিৰেণ কলিতাই এনেদৰে কয় ।

কেৱল গাখীৰেই নহয় যোৰহাট নগৰৰ বিভিন্ন দোকানত বিক্ৰী হৈ আছে অতি নিম্নমানৰ মিঠাই । এই ভ্ৰাম্যমাণ পৰীক্ষাগাৰত পৰীক্ষা কৰা ৩৮বিধ বিভিন্ন মিঠাইৰ ১১ বিধেই অতিকৈ নিম্নমানৰ বুলি পোহৰলৈ আহিছে। কালাকান্দ, কাজু বৰ্ফি, পেৰা, মেৱা বৰ্ফিৰ দৰে গাখীৰৰ পৰা প্ৰস্তুত কৰা একাংশ মিঠাইত পোৱা গৈছে অত্যাধিক পৰিমাণৰ ষ্টাৰ্ছ । এই মিঠাইবোৰৰ মান অতিকৈ নিম্ন বুলি পৰীক্ষাগাৰত পোহৰলৈ আহিছে । আনহাতে কিছুমান মিঠাইত চেনিৰ সলনি চেকাৰিন ব্যৱহাৰ কৰাৰ তথ্যও পোহৰলৈ আহিছে ।

ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে যোৰহাটত খাদ্য সুৰক্ষা বিভাগে দুদিনৰ বাবে ভ্ৰাম্যমাণ পৰীক্ষাগাৰৰ জৰিয়তে বিভিন্ন খাদ্যসামগ্ৰীৰ নমুনা পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছিল । অচিৰেই যোৰহাটত এনে এটা স্থায়ী ভ্ৰাম্যমাণ পৰীক্ষাগাৰৰ জৰিয়তে খাদ্য সামগ্ৰীসমূহৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হ'ব বুলি বিভাগীয় সূত্ৰত প্ৰকাশ । আনহাতে এই অভিযানত পোহৰলৈ অহা অতি নিম্নমানৰ গাখীৰ আৰু মিঠাই বিক্ৰী কৰা প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জানিবলৈ দিছে খাদ্য সুৰক্ষা বিষয়াগৰাকীয়ে ।

যোৰহাটত এইয়া পোহৰলৈ আহিছে, কি্তু ৰাজ্যৰ আন ঠাইতো যে একেধৰণেই গাখীৰ-মিঠাইৰ ভেজালকৰণ হোৱা নাই সেই কথা নুই কৰিব নোৱাৰি।
Published by:Manjumoni Borah
First published: