ৰাজ্যৰ ৭ জনকৈ আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিভাগীয় অনুসন্ধানৰ নিৰ্দেশ

আৰক্ষী বিষয়াই ভূমি বেদখল কৰা ঘটনা পোহৰলৈ আনিছিল দুলাল বৰাই।

News18-Assam
Updated:September 6, 2019, 3:25 PM IST
ৰাজ্যৰ ৭ জনকৈ আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিভাগীয় অনুসন্ধানৰ নিৰ্দেশ
আৰক্ষী বিষয়াই ভূমি বেদখল কৰা ঘটনা পোহৰলৈ আনিছিল দুলাল বৰাই।
News18-Assam
Updated: September 6, 2019, 3:25 PM IST
বিপুল বৰ্মন : অসম আৰক্ষীৰ দায়বদ্ধতা আয়োগৰ তৰফৰ পৰা ৰাজ্যৰ বিভিন্ন স্থানত কৰ্মৰত হৈ থকা ৭ গৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে বিভাগীয় অনুসন্ধানৰ নিৰ্দেশ দিয়া হৈছে। আৰ টি আই কৰ্মী দুলাল বৰাৰ গোচৰৰ অনুসন্ধানৰ ভিত্তিত অসম আৰক্ষীৰ দায়বদ্ধতা আয়োগে বিটিএডিৰ আইজিপি অনুৰাগ আগৰৱালা, কোকৰাঝাৰৰ আৰক্ষী অধীক্ষক ৰাজেন সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক টাবুৰাম পেগু, উপ–আৰক্ষী অধীক্ষক প্ৰকাশ মেধি, পৰিদৰ্শক ৰবিন চৌধুৰী, উপ-পৰিদৰ্শকদ্বয় লুতুক দাস আৰু মাজেন বৰ্মনৰ বিৰুদ্ধে কৰ্তব্যত গাফিলতি কৰাৰ অপৰাধত Assam Police Manual Act, 2007ৰ ৯৮(ক) ধাৰাত গৃহ আৰু ৰাজনৈতিক বিভাগৰ আযুক্ত সচিব আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক বিভাগীয় অনুসন্ধান কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে আৰক্ষী বিষয়াই ভূমি বেদখল কৰা ঘটনা পোহৰলৈ আনিছিল দুলাল বৰাই।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি