গুণোৎসৱ, স্বাস্থ্যৎসৱৰ পাছত এইবাৰ জনস্বাস্থ্য কাৰীকৰী বিভাগৰ জলৎসৱ আয়োজন কৰিবলৈ সাজু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিভাগ ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ আঁচনি জল জীৱন আঁচনি ৷ ২০২৪ চনৰ ৩১ মাৰ্চৰ পূৰ্বে প্ৰতিটো পৰিয়ালত বিশুদ্ধ পানী যোগানৰ সপোন প্ৰধানমন্ত্ৰীৰ ৷ পিছে, প্ৰধানমন্ত্ৰীৰ এই সপোনৰ বিপৰীতে অসমত জল জীৱন আঁচনি উন্নয়ণত হতাশাজনক স্থান ৷ সমগ্ৰ দেশৰ বিপৰীতে অসমত আঁচনি উন্নয়ণ ২৬ নম্বৰ স্থানত ৷ অসমত শেহতীয়া তিনি বছৰত ৫০% কাম সম্পূৰ্ণ ৷ সেয়ে আগন্তুক ১০ মাহত অৰ্থাৎ ৩১ মাৰ্চৰ ভিতৰত বাকী ৫০% কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য বিভাগৰ ৷ পিছে অসমৰ হতাশজনক কামৰ উন্নয়ণ সন্দৰ্ভত অদ্ভুত যুক্তি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ অসমত ১% ৰ পৰা আৰম্ভ কৰিব লগা হৈছে পানী যোগান ৷ বিপৰীতে দেশৰ আন বহু ৰাজ্যত পূৰ্বে ৪০, ৫০% পৰিয়ালক পানী যোগান ধৰিছে ৷ নিজ বিভাগৰ বিষয়া কৰ্মচাৰী তথা ঠিকাদাৰৰ কামৰ দক্ষতা ঢাকিবলৈ মন্ত্ৰীগৰাকীয়ে কৰা এই মন্তব্য কিমান গ্ৰহণযোগ্য ৷ সেয়া হয়টো বহুতে বুজিছে ৷ কিয়নো ইতিমধ্যে সম্পন্ন কৰা আচনিৰ বহু অঞ্চলত এতিয়াও লাভ কৰা নাই পানী ৷ যিসমূহ এতিয়া ভালুকৰ সাঙীত পৰিণত হৈছে ৷ সেয়ে এতিয়া স্বাভাৱিকতে প্ৰশ্ন হৈছে নিৰ্ধাৰিত ৩১ মাৰ্চৰ ভিতৰত ৰাজ্যত ১০০% কাম সম্পন্ন কৰিব পাৰিব নে নাই সেয়া হয়টো সময়ত লক্ষণীয় হব ৷
- First Published :