ইয়াৰ পূৰ্বে ২৪ অক্টোবৰত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। ইয়াৰ পূৰ্বে ২৪ অক্টোবৰত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল। ৰাজ্যৰ টেট পৰীক্ষা (TET)ৰ পূৰ্বৰ সময়সূচী সলনি কৰা হৈছে। শিক্ষা বিভাগে পূৰ্বনিৰ্ধাৰিত ২৪ অক্টোবৰ, ২০২১ তাৰিখে অনুষ্ঠিতব্য নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ টেট পৰীক্ষা অনিবাৰ্য কাৰণবশতঃ ৩১ অক্টোবৰ, ২০২১লৈ পিছুৱাই দিয়ে।
এতিয়া ৩১ অক্টোবৰত দুয়োটা পৰ্যায়ৰ টেট পৰীক্ষা অনুষ্ঠিত হ'ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মঙলবাৰে টুইটাৰযোগে টেট পৰীক্ষা অনুষ্ঠিত হ’বলগীয়া সময়সূচীক লৈ ঘোষণা কৰে।
এই সম্পৰ্কে শিক্ষা বিভাগৰ ফালৰ পৰাও নিম্ন প্ৰাথমিক (LP Level) আৰু উচ্চ প্ৰাথমিক (UP Level)ৰ টেট পৰীক্ষা ৩১ অক্টোবৰত অনুষ্ঠিত হ’ব বুলি জাননী জাৰি কৰিছে। ইয়াৰ পূৰ্বে ২৪ অক্টোবৰত এই পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা আছিল।
Published by: Gautam Barman
First published: October 12, 2021, 15:25 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|