মুখ্যপৃষ্ঠা »খবৰ »অসম »বিজেপিত বিলীন দেউৰী ৰাজনৈতিক দল জিম'চাঁয়া পিপ'লছ পাৰ্টী

বিজেপিত বিলীন দেউৰী ৰাজনৈতিক দল জিম'চাঁয়া পিপ'লছ পাৰ্টী

জেপিপি পৰিচয় আঁতৰাই বিজেপি হিচাপে পৰিচয় দিবলৈ কৰ্মকৰ্তাক আহ্বান মহেশ দেউৰীৰ 

জেপিপি পৰিচয় আঁতৰাই বিজেপি হিচাপে পৰিচয় দিবলৈ কৰ্মকৰ্তাক আহ্বান মহেশ দেউৰীৰ 

জেপিপি পৰিচয় আঁতৰাই বিজেপি হিচাপে পৰিচয় দিবলৈ কৰ্মকৰ্তাক আহ্বান মহেশ দেউৰীৰ 

  • Share this:
বিজেপিত চামিল হ'ল অসমৰ আন এটা ক্ষুদ্ৰ আঞ্চলিক শক্তি ‘দেউৰী আঞ্চলিক শক্তি জিম'চাঁয়া পিপ'লছ পাৰ্টী’ চমুকৈ জেপিপি ৷ পাঁচ বছৰৰ ব্যৱধানত দুবাৰকৈ বিজেপিৰে দুবাৰকৈ কংগ্ৰেছৰে বুজাপৰাৰ ৰাজনীতি কৰি এতিয়া জেপিপি চৰ্চাৰ বিষয় হৈ পৰিছে।  বিজেপিৰ বশিষ্ঠস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত মঙলবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, মন্ত্ৰী ৰণোজ পেগু, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত জেপিপি দলটো বিজেপিত চামিল হয়।

বৰ্তমান দেউৰী স্বায়ত্তশাসিত পৰিষদত অন্যতম ৰাজনৈতিক দল তথা দেউৰী নিৰ্বাচনৰ পূৰ্বে দেউৰীসকলৰ অন্যতম কণ্ঠৰূপে পৰিগণিত হোৱাৰ আশ্বাস দিয়া আঞ্চলিক দল জেপিপিয়ে ২০১৭ৰ পৰিষদীয় নিৰ্বাচনত ৫ টাকৈ পৰিষদীয় সমষ্টি দখল কৰিছিল৷ মন কৰিবলগীয়া যে, ২০১৭চনৰ নিৰ্বাচনৰ পিছত বিজেপিৰে সৈতে আঞ্চলিক দলটোৰ নেতৃত্বই মিত্ৰতাও কৰিছিল।

উল্লেখ্য যে, ২০২১ৰ বিধানসভা নিৰ্বাচনত মহেশ দেউৰী নেতৃত্বাধীন জেপিপিয়ে ভাৰতীয় জনতা পাৰ্টীক মুকলিকৈ বিৰোধিতা কৰিছিল৷ ইয়াৰ পিছত অসমৰ সাতখনকৈ জিলাত নিজৰ স্থিতি থকা বুলি দাবী কৰি জেপিপিয়ে কংগ্ৰেছক সমৰ্থন দিছিল। বিশেষকৈ বিহপুৰীয়া বিধানসভা সমষ্টিত জেপিপিয়ে বিজেপিৰ বিধায়ক ড৹ অমিয় কুমাৰ ভূঞাক পৰাজিত কৰাৰ উদ্দেশ্যৰে সহায়ৰ হাত আগবঢ়াইছিল বৰ্তমানৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাক। চাৰিমাহ পূৰ্বে অনুষ্ঠিত হোৱা দেউৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনতো জেপিপিয়ে বিজেপিৰ বিৰোধিতাৰে ভোট বিচাৰিছিল ৷

এইখিনিতে উল্লেখনীয় যে,  চাৰি মাহৰ পূৰ্বে  অনুষ্ঠিত হোৱা দেউৰী পৰিষদীয় নিৰ্বাচনত পৰিষদৰ ২২খন আসনৰ ভিতৰত ১২খন আসনেৰে বিজেপি আৰু ইয়াৰ মিত্ৰ অসম গণ পৰিষদে ক্ষমতা অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হৈছিল। য'ত, জিম'চাঁয়া পিপ'লছ পাৰ্টীয়ে (জেপিপি) ৭খন আসনৰে প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল৷ এই নিৰ্বাচনত কংগ্ৰেছে দুখন আৰু এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে এখন আসনত জয়লাভ কৰিছিল। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি জেপিপিৰ নেতৃবৃন্দই আত্মসমৰ্পণ কৰি বিজেপিত চামিল হোৱাৰ ইংগিত দিছিল। গুৱাহাটীত জেপিপি নেতাসকলৰ সৈতে হোৱা বৈঠকখনৰ অন্তত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই মন্তব্য কৰিছিল যে, ‘‘জেপিপিয়ে বিজেপি বিৰোধী আৰু কংগ্ৰেছ বিৰোধী ভূমিকা লৈ নিৰ্বাচনত যুঁজিছিল। মোৰ সৈতে হোৱা বৈঠকৰ অন্তত দলৰ নেতাসকলে দেউৰী জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন সুনিশ্চিত কৰাৰ স্বাৰ্থত বিজেপিক সমৰ্থন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে।’’

মঙলবাৰে জেপিপিয়ে অৱশেষত বিজেপিত চামিল হয়। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত ভাষণ আৰম্ভ কৰিয়েই জেপিপি নেতা মহেশ দেউৰীয়ে মন্তব্য কৰে যে, ‘‘আজিৰে পৰা আমাৰ পৰিচয় জেপিপি নহয়। এতিয়াৰে পৰা আমাৰ সকলো কৰ্মকৰ্তাই বিজেপি বুলিহে পৰিচয় দিব।’’

ইফালে দেউৰী জনগোষ্ঠীয় সংগ্ৰামৰ অগ্ৰণী নেতা, SON OF SOIL লীলাকান্ত দেউৰীৰ হত্যাৰ গোচৰত কাৰাবাস থকা জেপিপি নেতা মহেশ দেউৰীয়ে এই হত্যাকাণ্ডক লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি নিজৰ নাম চাৰ্জচীটত নাই বুলি কোৱাৰ লগতে সেই মহেশ দেউৰী তেওঁ নহয় বুলি দাবী কৰিলে। একেটা বিষয়তে বিজেপি সভাপতি ভৱেশ কলিতাইও মহেশ দেউৰীক ক্লীনচীট দিলে।

শেহতীয়া বাতৰি