মুখ্যপৃষ্ঠা »খবৰ »অসম »দন্ত চিকিৎসকৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ, প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে এজাহাৰ

দন্ত চিকিৎসকৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ, প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে এজাহাৰ

বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ সমুখত নতুন বিপদ! 

বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ সমুখত নতুন বিপদ! 

  • Share this:
প্ৰাক্তন বিধায়িকা তথা বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ সমুখত নতুন বিপদ!  আঙুৰলতাৰ বিৰুদ্ধে শিলচৰ থানাত দাখিল কৰা হৈছে এজাহাৰ। চিকিৎসকসকলক উদ্দেশ্যি কতু মন্তব্য কৰাৰ অভিযোগ প্ৰাক্তন বিধায়িকাগৰাকীৰ বিৰুদ্ধে।



উল্লেখ্য যে, দুদিন পূৰ্বে আঙুৰলতা ডেকাই সংবাদ মেল সম্বোধন কৰি ৰোগী চোৱাৰ নামত পুৰুষ দন্ত চিকিৎসকে মহিলা ৰোগীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ কৰিছিল। ফলত আঙুৰলতাৰ মন্তব্যত অপমানবোধ কৰি দন্ত চিকিৎসক সংস্থাই দাখিল কৰিছে এজাহাৰ।

ভাৰতীয় দন্ত সংস্থাৰ শিলচৰ শাখাৰ সভাপতি প্ৰদীপ কুমাৰ দাসে দাখিল কৰে এজাহাৰ। সভাপতিগৰাকীয়ে আঙুৰলতাৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱাৰ দাবী উত্থাপন কৰিছে।

শেহতীয়া বাতৰি