কাৰ্বি আংলঙত ডেংগুৱে লৈছে ভয়ংকৰ ৰূপ। এতিয়ালৈকে ডেংগুত আক্ৰান্ত হৈ মৃত্যু হৈছে তিনিজনৰ। আক্ৰান্ত হৈ আছে ৩০৮ গৰাকী লোক।
ডেংগুৰ ভয়াবহ সংক্ৰমণৰ বাবে শিক্ষানুষ্ঠান বন্ধ ঘোষণা কৰিছে কাৰ্বি স্বায়ত্তশাসিত পৰিষদে। কাইলৈৰ পৰা ১২ নৱেম্বৰলৈকে বন্ধ থাকিব শিক্ষানুষ্ঠান।
উল্লেখ্য, গুৱাহাটীতো ডেংগুৰ আক্ৰান্ত আক্ৰান্ত হৈছে বহুকেইগৰাকী। গুৱাহাটী পৌৰ নিগমে ডেংগু মহৰ উপদ্ৰৱ ৰোধৰ বাবে নলা–নৰ্দমাত বিশেষ ধৰণৰ মাছ এৰি দিয়া পৰিলক্ষিত হৈছে। এই মাছে মহৰ কণী খাই ৰোধ কৰিব মহৰ বংশ বৃদ্ধি।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|