ট্ৰেভেলাৰ চালকে ম’বাইলত কথা পতাত ব্যস্ত থকাৰ কাৰণেই ডিমৌৰ শোকাৱহ দূৰ্ঘটনা

তদন্ত আৰম্ভ কৰিলে আয়ুক্ত বীৰেন্দ্ৰ মিট্টালে।

News18-Assam
Updated:September 24, 2019, 7:02 PM IST
ট্ৰেভেলাৰ চালকে ম’বাইলত কথা পতাত ব্যস্ত থকাৰ কাৰণেই ডিমৌৰ শোকাৱহ দূৰ্ঘটনা
তদন্ত আৰম্ভ কৰিলে আয়ুক্ত বীৰেন্দ্ৰ মিট্টালে।
News18-Assam
Updated: September 24, 2019, 7:02 PM IST
কৃষ্ণজ্যোতি ৰাইডঙীয়াঃ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ডিমৌ থাওৰাত উপস্থিত পৰিবহণ আয়ুক্ত বীৰেন্দ্ৰ মিট্টাল। সোমবাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত কৰুণ পথ দুৰ্ঘটনাৰ স্থলী পৰ্যবেক্ষণ কৰে আয়ুক্ত গৰাকীয়ে। উল্লেখযোগ্য যে সোমবাৰে  দুৰ্ঘটনাটোত ট্ৰেভেলাৰখনৰ ৯ জন যাত্ৰী নিহত হোৱাৰ বিপৰীতে ১২ জনতকৈ অধিক যাত্ৰী আহত হৈছিল।
তদন্তকাৰী বিষয়াজনে আজি ঘটনাস্থলী পৰ্যবেক্ষণ কৰাৰ লগতে অভিশপ্ত ট্ৰেভেলাৰখনত কথমপি প্ৰাণ ৰক্ষা পৰা আহত যাত্ৰী শিক্ষক প্ৰদীপ দিহিঙীয়া নামৰ এজন ব্যক্তিৰ ঘৰত উপস্থিত হয়। তেওঁ আহত ব্যক্তিগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে দুৰ্ঘটনাটোৰ সন্দৰ্ভত
সোধা–পোচা কৰে।  গুৰুতৰভাৱে আহত শিক্ষক প্ৰদীপ দিহিঙীয়াই আয়ুক্ত গৰাকীক জানিবলৈ দিয়ে যে দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ট্ৰেভেলাৰখনৰ চালক বিকি কলিতাই গাড়ীখন তীব্ৰ বেগেৰে চলোৱাৰ উপৰিও ম’বাইলত কাৰোবাৰ লগত কথা পাতি আছিল যাৰ বাবে বিপৰীত দিশৰ পৰা আহি থকা আলট্ৰা বাছখনৰ লগত মুখামুখি সংঘৰ্ষ তেওঁ তৰ্কিবই নোৱাৰিলে। নিমিষতে  ৯ জনকৈ ব্যক্তিয়ে মৃত্যুক আঁকোৱালি লোৱাৰ লগতে ১২ জনতকৈ অধিক লোকে গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধীন হব লগা হয়। এতিয়া প্ৰশ্ন হয়, কোনো যান বাহন আইন পালন নকৰা এই দ্ৰুতবেগী ট্ৰেভেলাৰসমূহক নাকী লগাব লগাব পাৰিবনে জিলা পৰিবহন বিভাগে?
আৰু চাওক পৰৱৰ্তী বাতৰি