সনাতন ডেকাৰ পৰিয়াললৈ তিনি লাখ টকাৰ সাহাৰ্য, পিছে শাস্তি পাবনে অপৰাধীয়ে?

সনাতন ডেকাৰ হত্যাকাৰীক ফাঁচী দিয়ক: ভৱেশ কলিতা
সনাতন ডেকাৰ হত্যাকাৰীক ফাঁচী দিয়ক: ভৱেশ কলিতা
- News18 Assam
- Last Updated: May 25, 2020, 11:23 PM IST

আৰক্ষীৰ জালত পৰা অভিযুক্ত।
মৃত সনাতন ডেকাই শ্ৰমিক হিচাপে কাম কৰিছিল এটা কোম্পানীত কিন্তু লকডাউনৰ সময় চোৱাত আৰ্থিক সংকটৰ বাবে পাচলি বিক্ৰী কৰিবলৈ গৈছিল লোকজনে। প্ৰত্যক্ষদৰ্শীৰ মতে, হাজোৰ বৰম্বৈত সনাতন ডেকাৰ চাইকেলেৰে এটা সাধাৰণ দূৰ্ঘটনা হৈছিল আব্দুল জলিল আৰু খইবৰুদ্দিন আহমেদৰ বাইকত। সামান্য খুন্দা মাৰিছিল পাচলি ব্যৱসায়ী গৰাকীৰ চাইকেলখনত আৰু তাৰপাছতেই আব্দুল জলিলে মাতি পঠাইছিল ফাইজুল আৰু ইউচুফক।

সনাতন ডেকা হত্যাকাণ্ডৰ লগত জড়িত আন এজন অভিযুক্ত হাজো আৰক্ষীৰ জালত। আৰক্ষীয়ে আটক কৰিছে পলাতক আব্দুল জলিলক। এই পৰ্যন্ত আৰক্ষীয়ে আটক কৰিলে তিনি অভিযুক্তক। এটা অভিযুক্ত এতিয়াও পলাতক।
চাৰিওজন মিলি তাৰ পাছত জঁপিয়াই পৰিছিল সনাতন ডেকাৰ ওপৰত। ফাইজুল হক এজন AGP নেতাৰ ভাতৃ।

প্ৰয়াত সনাতন ডেকাই পাচলি বিক্ৰী কৰা চাইকেলখন।
এই চাৰিওজনে লগ লাগি অসহায় লোক জনক মৰিয়াই মৰিয়াই হত্যা কৰিলে। সংকটজনক অৱস্থাত সনাতন ডেকাক GNRC হাস্পতাললৈ লৈ যোৱা হৈছিল যদিও ইতিমধ্যেই মৃত্যু হৈছিল সনাতনৰ। এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি। ইয়াৰ মাজতে সোমবাৰে সনাতন ডেকাৰ হত্যাকাৰীৰ বিচাৰি ফাষ্ট ট্ৰেক আদালতত কৰিবলৈ স্মাৰক পত্ৰ প্ৰদান হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ।

সনাতন ডেকাৰ দুৰ্ভগীয়া পৰিয়াল।
"মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰি দোষীক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কঠোৰ শাস্তি দিয়াৰ দাবী কৰিছো"— সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ দাস
"হাজোত সনাতন ডেকা হত্যাকাণ্ডৰ ঘটনা সন্দৰ্ভত তদন্ত চলি আছে। তিনিজনক ইতিমধ্যে গ্ৰেপ্তাৰ, বাকী কেইজনৰ সন্ধানত আমাৰ অভিযান অব্যাহত আছে"—পাৰ্থ সাৰথি মহন্ত আৰক্ষী অধিক্ষক
"দোষীক শীঘ্ৰে কৰায়ত্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক
এই ঘটনাই হওক শেষ ঘটনা
চৰকাৰক আমি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আহ্বান জনাইছো"
মৃতকৰ ঘৰলৈ আহি এই মন্তব্য বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ
"ফাষ্ট ট্ৰেক আদালতত বিচাৰ হওক সনাতন ডেকা হত্যাকাণ্ডৰ দোষীৰ ৷ এয়া ঘৃণনীয় হত্যাকাণ্ড ৷ দোষীয়ে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগিব ৷ হাজোৰ কিছু কিছু ঠাইত সাম্প্ৰদায়িক শক্তি কিছুমানে কাম কৰি আছে ৷ সনাতন ডেকাৰ শ্ৰাদ্ধৰ সকলো খৰছ বিজেপি দলে কৰিব ৷ পৰৱৰ্তী পৰ্যায়ত পৰিয়ালটোক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক অনুৰোধ জনাম"— সাংসদ দিলীপ শইকীয়া
"ফাষ্ট ট্ৰেক আদালতত হ'ব সনাতন ডেকা হত্যাৰ বিচাৰ ৷ মুখ্যমন্ত্ৰীৰ সৈতে মোৰ কথা হৈছে ৷ মুখ্যমন্ত্ৰীয়ে দুই লাখ টকাৰ এককালীন সাহাৰ্য ঘোষণা কৰিছে ৷ মোৰ ফালৰ পৰাও এক লাখ টকা দিম ৷ কথা,টকাৰ নহয় ৷ মানুহৰ জীৱন টকাৰে জুখিব নোৱাৰি ৷ দোষীৰ ফাঁচি হ'ব লাগিব ৷"—ভৱেশ কলিতা,মন্ত্ৰী