মুখ্যপৃষ্ঠা »খবৰ »অসম »Delimitation of Constituencies in Assam: সমষ্টি পুনঃনিৰ্ধাৰণ! ২৬ মাৰ্চত গুৱাহাটীলৈ আহিব নিৰ্বাচন আয়োগ

Delimitation of Constituencies in Assam: সমষ্টি পুনঃনিৰ্ধাৰণ! ২৬ মাৰ্চত গুৱাহাটীলৈ আহিব নিৰ্বাচন আয়োগ

সমষ্টি পুনঃনিৰ্ধাৰণ! ২৬ মাৰ্চত গুৱাহাটীলৈ আহিব নিৰ্বাচন আয়োগ

সমষ্টি পুনঃ নিৰ্ধাৰণৰ বিষয়ত ৰাজ্যৰ সকলো জিলাৰ নিৰ্বাচনী বিষয়া, ৰাজ্যৰ প্ৰশাসনৰ মূৰব্বীসকলৰ সৈতে বৈঠকত বহিব দেশৰ নিৰ্বাচন আয়োগে ৷

  • Share this:
সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়াৰ বাবে তিনি দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব দেশৰ পূৰ্ণাংগ নিৰ্বাচন আয়োগ ৷ দেশ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে দুই সৰ্তীথ নিৰ্বাচন আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডে আৰু অৰুণ গোৱেলৰ সৈতে ২৬ মাৰ্চত আহি উপস্থিত হ'ব গুৱাহাটীত ৷ অসমৰ বিধানসভা আৰু সংসদীয় সমষ্টি পুনঃনিৰ্ধাৰণ বিষয়ত নিৰ্বাচন আয়োগে পৰ্যালোচনা কৰিব ৷

ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াই সদৰি কৰা মতে ২৭ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা ১২ বজালৈ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দল আৰু আঞ্চলিক দলৰ সৈতে কৰিব আলোচনা নিৰ্বাচন আয়োগে ৷ সেই দিনটোৰে আবেলি এক বজাৰ পৰা নাগৰিক প্ৰতিনিধি, সামাজিক সংগঠনৰ প্ৰতিনিধিৰে কৰিব আলোচনা ৷ এই আলোচনা হ'ব হোটেল ৰেডিছন ব্লু'ত ৷

লগতে সমষ্টি পুনঃ নিৰ্ধাৰণৰ বিষয়ত ৰাজ্যৰ সকলো জিলাৰ নিৰ্বাচনী বিষয়া, ৰাজ্যৰ প্ৰশাসনৰ মূৰব্বীসকলৰ সৈতে বৈঠকত বহিব দেশৰ নিৰ্বাচন আয়োগে ৷
ইয়াৰ পিছত ২৮ মাৰ্চৰ আবেলি ৩ বজাত নিৰ্বাচন আয়োগে সংবাদ মাধ্যমক সম্বোধন কৰিব ৷

শেহতীয়া বাতৰি